প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা…

145

প্ৰথমবাৰৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম গ্ৰন্থ বিক্ৰেতা সন্থাৰ তত্বাৱধানত গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা।

আজি অনুষ্ঠিত এক যৌথ সংবাদমেলত এই কথা ঘোষণা কৰে আয়োজকসকলে।

অহা ৪ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ ধেমাজিত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে ঘোষণা কৰে।

অহা ৪ নৱেম্বৰত ধেমাজিত শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে গ্ৰন্থমেলা উদ্বোধন কৰিব। এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে ঠংছি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

উদ্যোক্তাসকলে আৰু কয় যে নলবাৰীত ৮ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ আৰু ২ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ যোৰহাটত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা।

গুৱাহাটীত ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব গ্ৰন্থমেলা। আনকি বছৰৰ দৰে এইবাৰো অসম প্ৰকাশন ব’ৰ্ডৰ বঁটা প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে আৰু ঘোষণা কৰে।

এইবাৰ নলবাৰীত কোনো ধৰণৰ টিকট ব্যৱস্থা নাথাকিব বুলিও অৱগত কৰে। ধেমাজিত ৩০০০ বিখ্যাত সাহিত্যিকক বিনামূলীয়াকৈ প্ৰৱেশৰ ব্যৱস্থা কৰা হ’ব আৰু ছাত্ৰ-ছাত্ৰীয়েও বিনামূলীয়া প্ৰৱেশৰ সুবিধা লাভ কৰিব।