পে টি এম আৰু ভোডাফোন আইডিয়াই মুকলি কৰিব “ৰিচাৰ্জ সাথী”

94

মুম্বাই, ২৭ এপ্ৰিল: ম’বাইল ফোনৰ সংযোগ অব্যাহত ৰখাৰ উদ্দেশ্যে এক বিশেষ চুক্তিত মিলিত হৈছে পে টি এম আৰু ভোডাফোন। এই চুক্তিৰ অধীনত “ৰিচাৰ্জ, সাথী” আঁচনিৰ অধীনত ভোডাফোন আইডিয়াইৰ প্ৰিপেইড গ্ৰাহকৰ বাবে ম’বাইল ফোনৰ ৰিচাৰ্জ কৰিব পাৰিব পে টি এমে। ভোডাফোন আইডিয়াৰ এই “ৰিচাৰ্জ সাথী” আঁচনিৰ জৰিয়তে ব্যক্তিবিশেষে আৰু ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে অতিৰিক্ত জীৱিকা লাভৰ সুযোগ লাভ কৰিব। তেওঁলোকে পে টি এম এপ ডাউনলোড কৰি ইয়াত পঞ্জীয়নভুক্ত হৈ ইয়াৰ জৰিয়তে ম’বাইল ৰিচাৰ্জ বিক্ৰী কৰিব পাৰিব। ব্যক্তিবিশেষে আৰু ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এই “ৰিচাৰ্জ সাথী” আঁচনিৰ অধীনত প্ৰতি মাহে অতিৰিক্ত পাঁচ হাজাৰ টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।
পে টি এম এপত “ষ্টে এট হোম এছেন্সিয়েল” শাখাৰ অধীনত প্ৰিপেইড, পোষ্টপেইড শাখাত এই সকলো ৰিচাৰ্জ আৰু লেনদেন সুৰক্ষিতভাৱে সমাধা কৰা হ’ব।