পেৰিছ অলিম্পিকত ভাৰতৰ আন এক ইতিহাস

81

পেৰিছ অলিম্পিকত ইতিহাস ৰচিলে ভাৰতৰ তাৰকা পেডলাৰ মণিকা বাত্ৰাই । পেৰিছ অলিম্পিকৰ তৃতীয় দিনা খেলুৱৈগৰাকীয়ে টেবুল টেনিছত ৰাউণ্ড অফ-১৬ৰ বাবে যোগ্যতা অৰ্জন কৰে । ইয়াৰ লগে লগে টেবুল টেনিছত ৰাউণ্ড অফ-১৬ৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় । ৰাউণ্ড অফ-৩২ৰ মহিলা ছিংগলছত বাত্ৰাই ফ্ৰান্সৰ খেলুৱৈ প্ৰীতিকা পাৱাড়েক ৪-০ত পৰাস্ত কৰে ।