পেট্ৰ’ল পাম্প লুণ্ঠনেৰে জড়িত ৪ দুৰ্বৃত্তক অস্ত্ৰসহ গ্ৰেপ্তাৰ মেঘালয় আৰক্ষীৰ

145
Representational image

মেঘালয় আৰক্ষীয়ে ৰাজ্যজুৰি পেট্ৰ’ল পাম্প লুণ্ঠনত জড়িত থকাৰ অভিযোগত পূব জয়ন্তিয়া পাহাৰ জিলাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদসহ ৪জন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে।

চোৰাংচোৱা তথ্যৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীৰ এটা দলে জিলাখনৰ উমলাৱাং গাঁৱৰ ওচৰৰ ৰিংচং শ্যেলাত অভিযুক্তৰ এটা গোপন আস্তানাত অভিযান চলাই ৪ জনক এটা একে-৪৭ ৰাইফল, ১৪ জাই সজীৱ গুলী, এটা মাচেট (ডাঙৰ চুৰি) আৰু এখন মটৰচাইকেলসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ এই অভিযানৰ বিষয়ে জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক জগপাল সিং ধানোৱাই।

পিছত, আৰক্ষীয়ে গুৱাহাটীৰ পৰা এজন সহযোগীকো আটক কৰে।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত কেইজনে জেৰাৰ সময়ত খলিহৰিয়াট, শ্বিলং আৰু ৰি ভোই জিলাৰ পেট্ৰ’ল পাম্প লুণ্ঠনৰ ঘটনাত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে।