ষ্টাফ ৰিপোৰ্টাৰ: ফ্রেণ্ডছ ক্লাৱৰ উদ্যোগত আৰু লায়ঞ্চ ক্লাব অৱ গুৱাহাটী গোল্ডৰ সহযোগত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে। কৰ’না ভাইৰাছৰ বাবে দেশ তথা ৰাজ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ফাঁচী বজাৰৰ পুৰণিকাৰাগাৰৰ দেৱালত বিগত কেইবাদিন ধৰি কৰ’না ভাইৰাছৰ সজাগতাৰ বাবে অংকন কৰা হৈছে কেইবাখনো ব্যতিক্ৰমী চিত্ৰ। কৰ’না ভাইৰাছৰ যুঁজ খনত অহৰহ কৰ্তব্য পালন কৰি থকা চিকিৎসা কর্মী, আৰক্ষী বিষয়া, সংবাদকর্মী তথা জৰুৰীকালীন সেৱাত নিয়োজিত কৰ্মী সকলৰ কৰ্তব্য পালন কৰাৰ কিছু দৃশ্যাৱলী। সেইদৰে “ভাৰত মাতা”, “ষ্টে এট হোম” , “ষ্টে চেভ”, আদি কৰ’না ভাইৰাছৰ সজাগতা মুলক বাণী আদি সন্নিবিষ্ট কৰা হৈছে। বাপ্পী তাপাদ্দাৰৰ নেতৃত্বত কেইবাজনো পেইন্টাৰে দেৱাল অংকন কৰা কামত ব্যস্ত হৈ আছে। সমগ্ৰ দেৱাল খনত প্ৰায় ১৬ খন কৰ’নাৰ সজাগতা মূলক চিত্ৰ অংকন কৰা হ’ব। অতি শীগ্ৰে এই কাম সম্পূৰ্ণ হৈ উঠিব। উক্ত অঞ্চলটোত পৰিষ্কাৰ পৰিচ্ছন্নতাত অধিক গুৰুত্ব দিয়া হৈছে আৰু তাত এখন বাগিচাও থাকিব য’ত ” আই লাভ আছাম” লিখা থাকিব বুলি ফ্রেণ্ডছ ক্লাৱৰ সক্ৰিয় সদস্য শৈলেন্দৰ শৰ্মা, বিবেক সাংহানেৰীয়া, ৰবি মিশ্ৰই জনায়।উল্লেখ লায়ন্স ক্লাব অৱ গুৱাহাটী গোল্ডৰ সক্ৰিয় সদস্য অশোক গোৱেল, সুনীল পাৰিখ আদিয়ে ইয়াৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়াইছে।
Latest article
বাজাজ এলিয়াঞ্জে তৎক্ষণাত, বাধাহীন জলবায়ুৰ বিপদাশংকা আৱৰণৰ বাবে আগবঢ়াইছে ক্লাইমেটছেফ
বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সে জলবায়ুৰ বিপদৰ পৰা তৎক্ষণাত সুৰক্ষা প্ৰদান কৰা ভাৰতৰ প্ৰথমটো পেৰামেট্ৰিক বীমা সামগ্ৰী ক্লাইমেটছেফ মুকলি কৰিলে। খুচুৰা গ্ৰাহক, গিগ কৰ্মী, কাৰ্যালয়লৈ...
পহিলা মে’ত গুৱাহাটীত অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান
ৰাজ্যৰ এজন বিশিষ্ট শিক্ষাবিদ, ইতিহাসবিদ, সমাজকর্মী তথা মানৱ অধিকাৰৰ অগ্ৰণী প্ৰৱক্তা , অধ্যপক শৰৎ মহন্তৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি অহা ১ মে'ত অধ্যাপক...
বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে গুডনাইটে ভাৰতীয় পৰিয়ালৰ স্বাস্থ্যজনিত বিপদাশংকা সন্দৰ্ভত প্ৰকাশ কৰিছে এক সমীক্ষা...
দেশৰ ৮৭% আবাসীৰ মতে শিশুৰ নিদ্ৰাহীনতা অথবা ভালদৰে টোপনি নোহোৱাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্য আৰু জীৱনধাৰাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে...