পুনৰ অনুষ্ঠিত হব IPLৰ বাকী থকা খেলসমূহ, জানক সবিশেষ…

140

পুনৰ আৰম্ভ হব ভাৰতৰ সৰ্ববৃহৎ ক্ৰীড়াযুদ্ধ IPL। কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে স্থগিত হৈ থকা আইপিএলৰ বাকী থকা খেলসমূহ অনুষ্ঠিত হব UAEত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি অহা ১৯ ছেপ্তেম্বৰৰ পৰা আইপিএলৰ বাকী থকা খেলসমূহ অনুষ্ঠিত হব আৰু ১৫ অক্টোবৰত অনুষ্ঠিত হব চূড়ান্ত খেলখন।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ইতিমধ্যে আইপিএল অনুষ্ঠিত কৰাৰ বাবে ইউএইৰ সৈতে আলোচনা কৰা বুলি জানিব পৰা গৈছে। খেলসমূহ ডুবাই, আবু ধাবী আৰু ছাৰজাহৰ খেলপথাৰত অনুষ্ঠিত হব।

উল্লেখ্য যে, ভাৰতত কোৰোনাই সৃষ্টি কৰা ভয়াবহ ৰূপৰ মাজতে আইপিএল অনুষ্ঠিত হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইফালে আইপিএলৰ কেইবাগৰাকীও খেলুৱৈ কোভিড পজিটিভ ধৰা পৰাৰ পিছতে এই খেল স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে।