পশ্চিম বংগত আকৌ উইকেত খহিল বিজেপিৰ: এইবাৰ ৰাজীৱ বেনাৰ্জীৰ TMCত যোগদান

121

পশ্চিমবংগত পুনৰ উইকেত খহিল বিজেপিৰ। ২০২১ৰ বিধানসভা নিৰ্বাচন আৰু সদ্য সমাপ্ত উপ নিৰ্বাচনত বিজেপিৰ লজ্জাজনক পৰাজয়ৰ পিছত ইজনৰ পিছত সিজন বিজেপি নেতাই TMC লৈ ঢাপলি মেলিছে। নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জীৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিজেপিত যোগদান কৰা বহু TMC নেতাইও এতিয়া পুনৰ স্বগৃহলৈ উভটিছে। শেহতীয়াকৈ দেওবাৰে TMC লৈ উভতিল নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগ দিয়া ৰাজীৱ বেনাৰ্জীয়েও। ত্ৰিপুৰাৰ এখন সভাত টিএমচিৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত পুনৰ তৃণমূলত যোগদান কৰে ৰাজীৱ বেনাৰ্জীয়ে।

ইয়াৰ পূৰ্বেও, কেইবাজনো বিধায়ক আৰু সাংসদে বিজেপি ত্যাগ কৰি টিএমএচিত যোগদান কৰিছে। শেহতীয়াকৈ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই বিজেপি ত্যাগ কৰে আৰু মমতা বেনাৰ্জীৰ দল টিএমচিত যোগদান কৰে। ইয়াৰ পূৰ্বে, কলকাতাৰ কেইবাজনো বিজেপি নেতাই টিএমচিত যোগদান কৰিছে। এই সকলো নেতাই টিএমচিৰ পৰা পদত্যাগ কৰিছিল আৰু নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল, কিন্তু বিধানসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিছত বহু সংখ্যক নেতাই বিজেপি ত্যাগ কৰি ঘৰলৈ উভতি আহিছে।

আনহাতে, টিএমচিৰ প্ৰাক্তন বিধায়কসকলক তেওঁলোকৰ পুৰণি দললৈ ঘূৰাই অনাৰ বিষয়ে জল্পনা-কল্পনা চলি আছে। টিএমচি নেতাসকলে দাবী কৰিছে যে বিজেপিৰ কেইবাজনো নেতাই এতিয়া দলটোত যোগদান কৰিব। কংগ্ৰেছ নেতা সুস্মিতা দেৱেও শেহতীয়াকৈ টিএমচিত যোগদান কৰিছিল। দলটোৱে তেওঁক ৰাজ্যসভালৈ পঠিয়াইছিল।