পদপথৰ ব্যৱসায়ীলৈ সকাহ, অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰ গঠন: আৰু কি কি সিদ্ধান্ত ললে ৰাজ্যিক কেবিনেটে

139

অসম চৰকাৰৰ কেবিনেটত বুধবাৰে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পদপথৰ ব্যৱসায়ীক সকাহ প্ৰদানৰ পৰা মাজুলী সংযোগী দলং নিৰ্মানলৈ কেইবাটাও বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে।

কেবিনেটত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ বাবে চলিত বৰ্ষত ৪০০ কোটি টকা অনুমোদন জনোৱা হৈছে। তদুপৰি ৫২ হাজাৰ পদপথৰ ব্যৱসায়ীলৈ ঋণ প্ৰদানৰ ব্যৱস্থা কৰি সকাহ দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্যিক জিএছটি ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয়। পাছত ৰি-ইম্বাৰ্ছমেণ্টৰ জৰিয়তে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব। আনহাতে ২০২২ চনৰ কেলেণ্ডাৰত চৰকাৰী বন্ধৰ দিন নিৰ্ধাৰণ কৰা হয়। এইবাৰ মুঠ চৰকাৰী বন্ধৰ দিন হ’ব ৩৪ টা।

চৰকাৰী সিদ্ধান্ত অনুসৰি, চৰকাৰৰ সকলো নথিত ইংৰাজীৰ লগতে অসমীয়া কেলেণ্ডাৰো সংলগ্ন কৰা হব। বৰাক উপত্যকাৰ বাবে বন বিভাগৰ এটা বন্যপ্ৰাণী মণ্ডল গঠনত অনুমোদন জনোৱা হৈছে।

অসমত মহাকাশ বিজ্ঞানৰ বহুল প্ৰয়োগৰ বাবে কেবিনেটে অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰ গঠন কৰে। ইয়াৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ড০ পি এল এন ৰাজুক। আনহাতে পূজাৰ SOP কঠোৰভাৱে বলৱৎ কৰা হব বুলিও ঘোষণা কৰে কেবিনেটে।