পঞ্চভূতত বিলীন হ’ল ড০ মনমোহন সিং

72

পঞ্চভূতত বিলীন হ’ল ভাৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং । দিল্লীৰ নিগমবোধ ঘাটত ৰাষ্ট্ৰীয় সন্মানেৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি বহু নেতা।২৬ ডিচেম্বৰৰ নিশা দিল্লীৰ এইমছ হাস্পতালত ইহলীলা সম্বৰণ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে । প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯২ বছৰ। কিছুদিন তেওঁ যথেষ্ট অসুস্থ হৈ আছিল। মৃত্যুৰ কিছু সময়ৰ পূৰ্বে তেওঁক এইমছত ভৰ্তি কৰা হৈছিল। মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী আছিল। তেখেতে দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে ।১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত পাকিস্তানৰ গাহত জন্মগ্ৰহণ কৰিছিল মনমোহন সিঙে। ১৯৪৭ চনত বিভাজনৰ পিছত তেওঁৰ পৰিয়াল ভাৰতলৈ আহিছিল। মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিষয়ত অধ্যয়ন কৰিছিল।