ন’ পাৰ্কিঙত গাড়ী ৰখোৱাৰ বাবেই অটো চালকৰ ওপৰত গুলীচালনা আৰক্ষীৰ, গ্ৰেপ্তাৰ

465

ন’ পাৰ্কিঙত গাড়ী ৰখোৱাৰ বাবে সংঘটিত সাধাৰণ বাক-বিতণ্ডাৰ পিছতে এজন আৰক্ষী জোৱানে এজন অটো চালকৰ ওপৰত গুলীচালনা কৰাৰ ঘটনাই ডিফুত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ডিফুৰ ১নং পুলিচ পইণ্টত সংঘটিত হয় এই ঘটনা।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পৰিস্থিতি হঠাৎ ভয়াবহ হৈ পৰে আৰু কোনো সতৰ্কবাণী অবিহনে পুলক শৰ্মা নামৰ আৰক্ষী জোৱানজনে অটো চালকজনৰ ওপৰত গুলীচালনা কৰে। অৱশ্যে এই গুলীবৰ্ষণত আঘাতপ্ৰাপ্ত হোৱাৰ পৰে কোনোমতে ৰক্ষা পৰে অটো চালকজন।

ইফালে একেজন আৰক্ষীয়ে সেই স্থানত ভিডিঅ’ ৰেকৰ্ডিং কৰি থকা এজন সাংবাদিকৰ ওপৰতো গুলীচালনাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে ডিফু আৰক্ষীয়ে অভিযুক্ত আৰক্ষী পুলক শৰ্মাক গ্ৰেপ্তাৰ কৰে।

ঘটনাৰ সময়ত বিষয়াগৰাকী সুৰা বা ড্ৰাগছ সেৱন কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।