তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতে বুধবাৰে শপত গ্ৰহণ কৰে পৰিষদখনৰ নৱ নিৰ্বাচিত সদস্যসকলে। মৰিগাঁৱৰ পৱিতৰা হাটৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা শপত গ্ৰহণৰ পিছতে মৰিগাঁও স্কুল খেলপথাৰত এখন বিশাল জনসভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আনহাতে শপত গ্ৰহণ অনুষ্ঠান আৰু বিশাল জনসভাত অংশ লয় শাসকীয় দলটোৰ ভালেসংখ্যক বিধায়ক আৰু নেতাই।
উল্লেখ্য যে, বিটিচি নিৰ্বাচনত ইউপিপিএল আৰু গন সুৰক্ষা পাৰ্টীৰ সৈতে মিত্ৰতা কৰি বিজেপিয়ে পৰিষদ গঠন কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা তিৱা স্বায়ত্ব পৰিষদতো বিজেপিয়ে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল। এই পৰিষদ নিৰ্বাচনত বিজেপিয়ে মুঠ ৩৬ খন আসনৰ ভিতৰত ৩৩ খনতে জয়লাভ কৰাৰ বিপৰীতে অগপই দুখন আৰু কংগ্ৰেছে মাত্ৰ এখন আসনত জয়লাভ কৰিছিল।