নেচ’নেল পেনচাক চিলাট গেমছত সুযোগ লাভ কৰিলে সৰুপথাৰৰ পাঁচ গৰাকী কণমানী যুৱতীয়ে। ধনশিৰিবাসীৰ বাবে ই এক সু-খবৰ। আগন্তুক ২৬ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ জন্মু-কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া নেচনেল পেনচাক চিলাট গেমছত সৰুপথাৰ অঞ্চলৰ পৰা একে সময়তে পাঁচ গৰাকীকৈ শিশু খেলুৱৈয়ে খেলিবলৈ সুযোগ লাভ কৰিছে। তেওঁলোক হৈছে অনন্যা শইকীয়া, স্নেহা শইকীয়া, সঞ্চিতা শইকীয়া, নিস্তাৰিণী শইকীয়া আৰু হিৰস্ময়ী শইকীয়া। ইতিমধ্যে তেওঁলোকে স্থানীয় প্ৰশিক্ষক গগন চন্দ্ৰ বড়োৰ অধীনত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে। সৰুপথাৰৰ নিচিনা পিছপৰা ঠাইত উপযুক্ত সা-সুবিধাৰ পৰা বঞ্চিত হৈও এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত খেলিবলৈ সুযোগ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে তেওঁলোকৰ অভিভাৱকসকলৰ লগতে খেলুৱৈ সমাজ। প্ৰবল আত্মবিশ্বাসী প্ৰশিক্ষক গগন চন্দ্ৰ বড়োৱে জনোৱা মতে, এই খেলখনত তেওঁলোকে পদক বুটলিবলৈ নিশ্চিন্ত মনে সক্ষম হ’ব। খেলুৱৈ কেইগৰাকী অহা ২২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা জন্মু-কাশ্মীৰলৈ ৰাওনা হ’ব।
Latest article
দাক্ষিণাত্যৰ ছবি পুষ্পা জুই নহয় বনজুই!
দাক্ষিণাত্যৰ ছবি পুষ্পা জুই নহয় বনজুই! এয়া কেৱল এটা বাক্য নহয় বাস্তৱতো দেখা যায়। আমেৰিকাত ছবিখনৰ প্ৰি-চেলছত ডাঙৰ অভিলেখ ভংগ কৰিছে। এতিয়ালৈ ‘পুষ্পা ২’-এ...
গৌৰৱ গগৈৰ দাবী নৰজিল
গৌৰৱ গগৈৰ দাবী নৰজিলঃ বিজেপিৰ দখললৈ গ’ল বিহালী সমষ্টি।বিহালী সমষ্টিত জয়লাভ কৰিছে বিজেপিয়ে। দলটোৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে সমষ্টিটোত ৯,০৫১টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। তেওঁৰ...
অসমৰ ৫সমষ্টিতে জয় হৈছে বিজেপি
ইতিমধ্যে প্ৰায় ৫টা সমষ্টিৰে ফলাফল পোহৰলৈ আহিছে। ৫টা সমষ্টিতে জয় হৈছে বিজেপিৰ প্ৰাৰ্থী। মূলতঃ বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে দেখা গ'ল নিৰ্বাচনী যুঁজ।...