নিবনুৱাৰ হাহাকাৰঃ হাস্পতালৰ মৃতদেহ অনা-নিয়া কামৰ বাবে ইঞ্জিনিয়াৰ, স্নাতকোত্তৰ ডিগ্ৰাধাৰীৰ ভিৰ

373

পংকজ তৰুণ

আজিৰ পৰা ৭ বছৰ আগৰ কথা। লোকসভা নিৰ্বাচনৰ পূৰ্বে বছৰি ২ কোটি সংস্থাপন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰে বিজেপিৰ এটা বিজ্ঞাপন প্ৰকাশ পাইছিল। প্ৰধানমন্ত্ৰী মোডীৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডী আৰু অন্য বিজেপিৰ নেতাসকলেও বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত দিছিল সেই একেই প্ৰতিশ্ৰুতি। বিজেপিৰ সংস্থাপন প্ৰদানৰ প্ৰতিশ্ৰুতিত আশাৰ সঞ্চাৰ হৈছিল দেশৰ লাখ লাখ যুৱ প্ৰজন্মৰ মাজত। উচ্চ শিক্ষা গ্ৰহণ কৰিও কাম এটা যোগাৰ কৰিব নোৱাৰা লাখ লাখ যুৱক-যুৱতীয়ে কল্পনা কৰিবলৈ আৰম্ভ কৰিছিল এটা চৰকাৰী চাকৰিৰ, অলপ স্বচন্দ জীৱনৰ।

এটা সংস্থাপনৰ আশাত, ভাল দিন ঘূৰি অহাৰ আশাত দেশৰ যুৱ প্ৰজন্ম নৰেন্দ্ৰ মোডীৰ পক্ষত থিয় হৈছিল। যাৰ বাবেই সেই নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে বিশাল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল।

কিন্তু চৰকাৰ গঠন কৰিলে ঠিকেই, সংস্থাপনহে সৃষ্টি নহ’ল। যুৱ প্ৰজন্মই প্রধানমন্ত্ৰীৰ মুখলৈ চাই ৰ’ল। সংস্থাপন লাভ নকৰিলেও প্ৰধানমন্ত্ৰীৰ ওপৰত তেওঁলোকৰ আস্থা কিন্তু নকমিল। সকলোৰে আশা একেদৰেই জাগ্ৰিত হৈ থাকিল- দুদিন পলম হ’লেও চৰকাৰে সংস্থাপন দিবই। কাৰণ, মোডীয়ে কথা দি বিশ্বাস ঘাটকতা কৰিব নোৱাৰে।

২০১৯ৰ নিৰ্বাচনতো বিজেপিয়ে পুনৰ এবাৰ সংস্থাপনৰ কথা কৈ যুৱ প্ৰজন্মৰ মনত জাগি থকা আশাখিনিক আকৌ এবাৰ জগাই তুলিলে। মোডীৰ কথাত ভোল গৈ জনতাই আকৌ এবাৰ তেওঁকেই ৰজা পতাৰ সিদ্ধান্ত ল’লে। ভাবিলে- প্ৰথম ৫ বছৰত কৰিব নোৱাৰিলেও এইবাৰ মোডীয়ে সংস্থাপন সৃষ্টি কৰিব খাটাং। কাৰণ মোডীয়ে কথা দি বিশ্বাস ঘাটকতা নকৰে।

কিন্তু সংস্থাপন সৃষ্টি কৰা দূৰৈৰ কথা, ইটো সিটো চৰকাৰী বিভাগ ব্যক্তিগত খণ্ডৰ গাতত অৰ্পণ কৰি সংস্থাপন হ্ৰাস হে কৰিলে মোডী চৰকাৰে। তাৰ মাজতে কোৰোনা মহামাৰীয়ে বিশ্বজুৰি সৃষ্টি কৰা আতংক আৰু তাৰ সৈতে প্ৰতিহত কৰিবলৈ চৰকাৰে ঘোষণা কৰা অপৰিকল্পিত লকডাউনে সংস্থাপন কাঢ়ি নিলে দেশৰ লাখ লাখ জনতাৰ। এটা চাকৰি, এসাজ ভাতৰ বাবে দেশত যেন হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হ’ল।

আজি দেশত এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে, যি পৰিস্থিতিত এটা চৰকাৰী চাকৰিৰ পদৰ বাবে হাজাৰ হাজাৰ জনে আবেদন জনাই ভাগ্যৰ পৰীক্ষা লয়। আজি এনে পৰিস্থিতিৰ সৃষ্টি হৈছে, যি পৰিস্থিতিত পেটৰ ভাতমুঠিৰ তাড়নাত যিকোনো কাম কৰিবলৈ যুৱ প্ৰজন্ম সাজু। দৰমহা যিমানেই নহওঁক, কাম যিয়েই নহওঁক- মুঠতে সংস্থাপন এটা হ’লেই হল। সেয়াই এতিয়া শিক্ষিত যুৱক-যুৱতীৰ প্ৰধান উদ্দেশ্য হৈ পৰিছে।

কলকতাৰ এনআৰএছ মেডিকেল কলেজ হাস্পতালৰ ফৰেণচিক মেডিচিন এণ্ড টক্সিক’ল’জী ডিপাৰ্টমেনে কিছুদিন আগতে পদখালীৰ জাননী প্ৰকাশ কৰিছিল। পদৰ নাম- লেবৰ’টৰী এচিছটেণ্ট। দৰাচলতে এই পদটো লাভ কৰা সকলৰ প্ৰধান কাম হ’ব ফৰেনচিক পৰীক্ষাৰ বাবে মৃতদেহ অনা-নিয়া কৰা। পূৰ্বে এই কামটো ডোম সম্প্ৰাদয়ৰ এটা অনুসূচিত জাতিয়েই কৰি আহিছিল বাবেই পদটোও ডোম হিচাপেই পৰিচিত। হাস্পতাল কৰ্তৃপক্ষই প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি পদটোৰ বিষয়ে সবিস্তাৰে প্ৰকাশ কৰিছিল। খালী পদৰ সংখ্যা- ৬টা, দৰমহা- মাহে ১৫ হাজাৰ টকা। যোগ্যতাৰ প্ৰয়োজন মাত্ৰ অষ্টম শ্ৰেণী।

সকলোকে আচৰিত কৰি হাস্পতালৰ এই ডোম পদটোৰ বাবে আবেদন কৰে ৮০০০ জনে। তাতকৈও আশ্বৰ্যকৰ বিষয় মৃতদেহ অনা-নিয়া কৰা, মাত্ৰ ১৫ হাজাৰ টকীয়া এই চাকৰিটোৰ বাবে বহু উচ্চ শিক্ষিত যুৱক-যুৱতীয়েই আবেদন জনায়। আবেদনকাৰী সকলৰ ভিতৰত ১০০ জনৰো অধিক জন ইঞ্জিনিয়াৰিং পঢ়া। ৫০০ৰো অধিক জন স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু প্ৰায় ২২০০ জন স্নাতক ডিগ্ৰীধাৰী। কেৱল অষ্টম শ্ৰেণী উত্তীৰ্ণৰ পৰা আবেদন বিচৰা ডোম পদৰ বাবে আনকি ৮৪ গৰাকী মহিলা প্ৰাৰ্থীয়েও আবেদন জনায়।

দেশৰ নিবনুৱা সমস্যা কিমান ভয়াবহ হৈ পৰিছে, সেয়া যেন এতিয়া সকলোৱে বুজি উঠিছে। এটা চাকৰিৰ উচ্চ শিক্ষা গ্ৰহণ কৰি অৱশেষত কৰ্মহীন হৈ পৰা যুৱক-যুৱতীসকলে কৰিবনো কি? বছৰি ২ কোটি সংস্থাপন সৃষ্টিৰ প্ৰতিশ্ৰুতি দিয়া এখন চৰকাৰৰ কাৰ্যকালতে হাস্পতালৰ মৃতদেহ অনা-নিয়া কৰিবলগা পূৰ্বে ‘ডোম’ নামৰ নিম্ন জাতিৰ নামত সংৰক্ষিত ৬টা খালী পদৰ বাবে ৮ হাজাৰ প্ৰাৰ্থীৰ আবেদনে চৰকাৰখনৰ ব্যৰ্থতাকেই যেন উদঙাই দিছে।

এনআৰএছ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই ৮ হাজাৰ প্ৰাৰ্থীৰ ভিতৰত ৭৮৪ জনক ইন্টাৰভিউৰ বাবে মনোনীত কৰিছে। অহা ১ আগষ্টত তেওঁলোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হব আৰু ৭৮৪ জনৰ পৰা যোগ্য ৬ জনক বাচনি কৰা হব।

কিন্তু ডোম পদৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা বাচনিক লৈও এতিয়া বিপাঙত পৰিছে হাস্পতাল কৰ্তৃপক্ষ। পদটো আছিল কেৱল অষ্টম শ্ৰেণী উত্তীৰ্ণৰ বাবে। কিন্তু এতিয়া ইঞ্জিনিয়াৰ, স্নাতকোত্তৰ, স্নাতক প্ৰাৰ্থীৰ আবেদন লাভ কৰি কাক বাচনি কৰিব তাক লৈও সমস্যাত পৰিছে হাস্পতাল কৰ্তৃপক্ষ। কিয়নো স্নাতকোত্তৰ বা ইঞ্জিনিয়াৰ জনক বাদ দি অষ্টম শ্ৰেণী উত্তীৰ্ণজনক বাচনি কৰা অসম্ভৱ, আনহাতে উচ্চ শিক্ষিত এজনক বাচনি কৰিও মৃতদেহ অনা-নিয়া কৰা দায়িত্বত নিয়োগ কৰা কঠিন।

এন আৰ এছ মেডিকেল হাস্পতালতেই যে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে তেনে নহয়, কিছুদিন পূৰ্বে মালদাৰ এখন হাস্পতালতো একেই পদৰ বাবে অসংখ্য স্নাতকোত্তৰ, ইঞ্জিনিয়াৰ আনকি পিএছডি ডিগ্ৰীধাৰীয়ে আবেদন জনাইছিল। একেই পৰিস্থিতি সৃষ্টি হৈছিল বিহাৰতো।

ৰাজনৈতিক দেওনা অতিক্ৰমৰ বাবে ভুৱা প্ৰতিশ্ৰুতি দি জনতাক সপোন দেখুওৱা চৰকাৰৰ বাবে সংস্থাপনহীনতা বিষয় নহয়। কিন্তু এটা সংস্থাপনৰ ওপৰত এটা পৰিয়ালৰ ভৱিষ্যত নিৰ্ণয় হৈ থাকে, সেই কথা চৰকাৰে বুজা উচিত। ভাৰতৰ সৰ্বাংগীন উন্নয়ন হোৱা বুলি জনসভাত দম্ভালি মাৰিলেও দৰিদ্ৰতা নোহোৱা হৈ নাযায়। সংস্থাপন হীনতাই যি ভয়াবহ ৰূপ আজি দেশত ধাৰণ কৰিছে, তাৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ চৰকাৰ দায়বদ্ধ হোৱা উচিত।