নিছান মটৰ কো: লিমিটেডৰ চাৰি বছৰীয়া আঁচনি মুকলি

82

নতুন দিল্লী : নিছান মটৰ কো: লিমিটেডে চাৰি বছৰীয়া আঁচনি মুকলি কৰিছে। ২০২৩ বৰ্ষলৈ এই চাৰি বছৰীয়া বিত্তীয় আঁচনিৰ জৰিয়তে নিছান মটৰ কো: লিমিটেডে কেবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। যাৰ জৰিয়তে কোম্পানীয়ে লাভজনক ব্যৱসায় লাভ কৰাত অধিক গুৰুত্ব আৰোপ কৰিব। লগতে আন্তঃগাথনি উন্নত কৰাত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ জৰিয়তে কোম্পানীয়ে ব্যৱসায় সম্প্ৰসাৰণত অধিক গুৰুত্ব আৰোপ কৰিব। এই চাৰি বছৰীয়া আঁচনি মুকলিৰ পৰিকল্পনাৰ জৰিয়তে কোম্পানীয়ে ৫ শতাংশ অপাৰেটিং লাভ আৰু বিশ্বজনীন বজাৰত ২০২৩ চনলৈ ৬ শতাংশ মাৰ্কেট শ্বেয়াৰ কৰিব বুলি আশা প্ৰকাশ কৰে। এই সম্পৰ্কে নিছানৰ মুখ্য কাৰ্যবাহী বিষয়া মাকোতো ইউচিডাই কয় ” আমি আমাৰ ব্যৱস্যায়ৰ গুণগত মানত অধিক গুৰুত্ব আৰোপ কৰিছোঁ। ব্যৱস্যায় সম্প্ৰসাৰণৰ লগতে উপাৰ্জন আৰু ৰাজহ লাভ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিম।”