নিচানে প্ৰদৰ্শন কৰিছে ‘নিচান মেগনাইট কনচেপ্ট’ৰ আভ্যন্তৰীণ ভাগ।

147

যোৱামাহত বিশ্বব্যাপী মুকলি কৰাৰ পাছত আজি নিচান ইণ্ডিয়াই ‘নিচান মেগনাইট কনচেপ্ট’ৰ আভ্যন্তৰীণ ভাগৰ ছবি মুকলি কৰিছে, বিশেষকৈ ডেছবৰ্ড আৰু কেবিনষ্পেছৰ ছবি।
নিচান ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱে কয়, নিচান মেগনাইট কনচেপ্ট নিচানৰ এছইউভি ইতিহাসৰ এক বিবৰ্তনীয় খোজ। ইয়াৰ কেৱল বাহিৰখনেই নহয়, আভ্যন্তৰীণ ভাগেও প্ৰিমিয়াম-নেছ, পৰিষ্কাৰ আৰু আৰামদায়ক সেৱা প্ৰদান কৰে। ডিজাইন ফিল’স্বফিৰ এই মূল উপাদানসমূহে উন্নয়নৰ দিশে আগবাঢ়ি থকা এই নিৰ্মাণ মডেলটি সফল কৰিব পাৰে লগতে উন্নত প্ৰযুক্তিৰে ইয়াক নিজৰ বিভাগৰ ভিতৰত গেম ছেঞ্জাৰ হিচাপে পৰিণত কৰিব পাৰে।
নিচানৰ এছইউভিৰ ঐতিহ্য আৰু উন্নত প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিচান মেগনাইট কনচেপ্টটো ষ্টাইলিছ ডিজাইনৰ সৈতে প্ৰিমিয়াম অফাৰ হিচাপে ভবিষ্যত যাত্ৰাৰ বাবে ডিজাইন কৰা হৈছে। এইটোৱে গ্ৰাহকৰ আভ্যন্তৰীণ সবলতাৰ উপস্থিতিসহ জীৱনশৈলী প্ৰতিফলিত কৰে।