নগাঁৱৰ বেবেজীয়াৰ শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰৰ অভিষেক-নিৰ্মালী প্ৰদান অনুষ্ঠান সম্পন্ন

303

ঋতু পৰ্ণ শৰ্মা, নগাঁওঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত প্ৰত্যক্ষ ৰাজ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠিত অসমৰ চাৰি সত্ৰৰ আদি সত্ৰ শ্ৰীশ্ৰী কুৰুৱাবাহী সত্ৰ। সত্ৰৰ পৰম্পৰা অনুসৰি গোলাঘাট জিলাৰ বোকাখাতৰ কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী গোপাল চন্দ্ৰ দেৱগোস্বামীৰ যোৱা ৩ মাৰ্চত বৈকুণ্ঠগামী হোৱাত জ্যেষ্ঠতাৰ ভিত্তিত তেখেতৰ উত্তৰসুৰী হিচাপে নগাওঁ জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী কুৰুৱাবাহী সত্ৰৰ লাৰু গোপাল গোস্বামীদেৱক সোমবাৰে সত্ৰাধিকাৰ হিচাপে অভিষেক তথা নিৰ্মালী প্ৰদানৰ অনুষ্ঠানভাগ সম্পন্ন কৰা হয়।

এই উপলক্ষে কুৰুৱাবাহী সত্ৰৰ মূল নামঘৰত অনুষ্ঠানটি সম্পন্ন কৰে মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বেবেজীয়াৰ সমীপৰ ডিমৌৰ মাহৰা সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জীৱেশ্বৰ দেৱগোস্বামী, মাজ জাজৰিৰ আঁহতগুৰিৰ নুমলি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামী, উৰিয়াগাঁৱৰ ক’ৰচোং সত্ৰৰ কীৰ্তি গোস্বামী,শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ শৈলেন্দ্ৰ গোস্বামী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ জগন্নাথ গোস্বামী, বোকাখাটৰ শ্ৰীশ্ৰী কুৰুৱাবাহী সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি খৰ্গেশ্বৰ বৰা আৰু সম্পাদক প্ৰশান্ত শৰ্মা উপস্থিত থাকে।

অভিষেক তথা নিৰ্মালী প্ৰদান অনুষ্ঠানটিত শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰৰ মহিলা দল,জোন মণি শইকীয়াৰ বৰগীত,স্নেহা শইকীয়া আৰু গীতালি দাসৰ বৰগীত,বোকাখাটৰ কুৰুৱাবাহী সত্ৰৰ ভকত-বৈষ্ণৱৰ দিহানাম আৰু থিয় নাম আদি পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । উক্ত অনুষ্ঠানটি সম্পাদন কৰিবৰ বাবে চাৰিসত্ৰৰে নগাঁৱৰ শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰ পৰিচালনা সমিতিৰ সভাপতি কমল ফুকন আৰু সম্পাদক মিন্টু বৰা প্ৰমুখ্যে নাৰায়ণ গোস্বামী,শুকুৰাম বৰুৱা পুস্প বৰা,নিপন শৰ্মা,হীৰক জ্যোতি গোস্বামী,দিপাংক কাকতি আদিয়ে সহায়-সহযোগিতা আগবঢ়ায় ।

উল্লেখযোগ্য যে বোকাখাতৰ কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ গোাপাল চন্দ্ৰ দেৱগোাস্বামীৰ বৈকুণ্ঠগামী হোৱাত সত্ৰৰ মূল বিগ্ৰহ শ্ৰীশ্ৰীমদন গোপাল মহাপ্ৰভূক যোৱা ১০ ফেব্ৰুৱাৰীত নগাওঁ জিলাৰ কুৰুৱাবাহী সত্ৰলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে। অঞ্চলটোৰ পাঁচ শতাধিক ভকত-বৈষ্ণৱ তথা শিষ্য উপস্থিত থকা অনুষ্ঠানৰ আৰম্ভণিতে নগাঁৱৰ শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰৰ পৰিচালনা সমিতিয়ে অভ্যাগতসকলক সম্ভাষণ জ্ঞাপন কৰে।