নগাঁৱৰ কলঙৰ পাৰত ভোগালী বিহু উৎযাপন, গীতে-মাতে মুখৰ পৰিৱেশ

124

ঋতু পৰ্ণ শৰ্মা, নগাঁও: ভোগৰ উৎসৱ ভোগালী বিহুৰ মাঘৰ পহিলা দিনটোতে শনিবাৰে নগাঁও জিলাৰ জাগীয়ালৰ কলঙৰ পাৰত উজ্বলি উঠিল ভোগালী বিহুৰ বিভিন্ন কাৰ্যসূচী। কলং নদীৰ পাৰৰ বিনন্দীয়া নৈসৰ্গিক পৰিবেশৰ মাজত জাগীয়াল ৰাজহুৱা ভৱন প্ৰাংগণত পুৱা পৰিবেশ নিকাকৰণৰ পিছত পুৱা ৯ বজাত ভোগালীৰ পতাকা উত্তোলন কৰে বিশিষ্ট শিক্ষাবিদ প্ৰফুল্ল চন্দ্ৰ বৰাই।

ইয়াৰ পিছতেই নাম প্ৰসঙ্গ, ভোগালীক আদৰণি অনুষ্ঠান, জলযোগ আপ্যায়নৰ ভোগালীৰ আড্ডা-অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই সঞ্চালনা কৰি ভাষণ প্ৰসংগত কয় যে সম্প্ৰীতি-সমন্বয়ৰ প্ৰাচীন চানেকীৰে উজ্জিৱীত শ্ৰীমন্ত শংকৰদেৱ, গুৰুনানক আৰু আজান ফকীৰে তেতিয়াই দেখুৱাই যোৱা সম্প্ৰীতিৰ এনাজৰীডালত আজিও সুদৃঢ় ভাৱে বান্ধ খাই আছে আমাৰ জনজীৱন। সমন্বয়ৰ ভাৱাদৰ্শৰে গুৰুজনাৰ আদৰ্শৰে আমি জাতিটোৰ অস্তিত্ব জীয়াই ৰাখিব লাগিব।

সংস্কৃতিবান যুৱক নৱজ্যোতি বৰাই আঁতধৰা ভোগালীৰ অন্তৰংগ আলাপ অনুষ্ঠানটিত আলোচক হিচাপে অংশগ্ৰহণ কৰে ৰাজেন শইকীয়া, শিক্ষকদ্বয় প্ৰশান্ত বৰুৱা আৰু শৰৎ বৰাই। তাৰ পিছতে অঞ্চলৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। বিয়লি ১.৩০ বজাত কোমল চাউল, দৈ আৰু গুড়ৰে সৈতে ভোগালীৰ সমূহীয়া জলপান গ্ৰহণ কৰা হয়।

ইপিনে পুহৰ সংক্ৰান্তি উপলক্ষে শুক্ৰবাৰে ৭০ বছৰ উৰ্দ্ধৰ বয়সীয়াল লোকক ঘৰে ঘৰে গৈ সৰ্ম্বধনা জনোৱা হয়। বৃহস্পতিবাৰে উৰুকাৰ সন্ধিয়া ভেলাঘৰত প্ৰৱেশ কাৰ্যসূচী উদ্ধোধন কৰে সাহিত্য উপ- সমিতিৰ সম্পাদক কুশীৰাম বৰুৱাই। কাৰ্যসূচীৰ অন্তত শনিবাৰে বিয়লি ভাগত বিহু গীত, বিহু নৃত্য প্ৰদৰ্শনৰ পাছত সন্ধিয়া পতাকা অৱতৰণৰে ভোগালী বিহু উৎসৱৰ সফল সামৰণি পৰে।