ষ্টাফ ৰিপোৰ্টাৰ ৬ মে’ : ধৰ্মপ্ৰাণ ব্যক্তি গকুল ভৰালীৰ বুধবাৰে আবেলি ৪.৩০ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। গুৱাহাটী হেলথ চিটি হাস্পতালত মঙলবাৰে তেওঁ অসুস্থ হৈ পৰাত বিয়লি তেওঁক ভৰ্তি কৰা হয় আৰু হাওঁফাঁওৰ সংক্ৰমণৰ ফলত বুধবাৰে বিয়লি তেওঁৰ হৃদযন্ত্র ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, এগৰাকী কন্যা, নাতিনী,পৰিয়াল বৰ্গক এৰি যায়। গুৱাহাটীৰ ফটাশীল আমবাৰী নিবাসী গকুল ভাৰলী মহাপুৰুষীয়া সমাজৰ সভাপতিৰ দায়িত্বৰ থকাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। তেওঁ কেইবাখনো গ্রন্থ লিখি যোৱাৰ লগতে অঞ্চলটোত বিভিন্ন সমাজসেৱ মূলক কামত জড়িত আছিল। বৃহস্পতিবাৰে ভূতনাথ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব । তেওঁৰ মৃত্যু ত অঞ্চলটোত শোকৰ ছা পৰে।
