দৰিদ্ৰতাই কেতিয়াও জীৱনত হেঙাৰ হব নোৱাৰে তাৰেই প্ৰমান দিলে মৰিগাঁও এখন ভিতৰুৱা গাঁৱৰ এজন যুৱকে

104

দৰিদ্ৰতাই কেতিয়াও জীৱনত হেঙাৰ হব নোৱাৰে তাৰেই প্ৰমান দিলে মৰিগাঁও এখন ভিতৰুৱা গাঁৱৰ এজন যুৱকে

মৰিগাঁৱ জিলাৰ বাসৰবৰি গাঁৱৰ এজন যুৱকে মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে এতিয়ালৈকে বহু কেইটা পদকেৰে মাৰাথান দৌৰত। দৰিদ্ৰতাকো নেওচি দিন হাজিৰা কৰা উপৰিও মাজে মাজে অভ্যাস কৰি ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিযোগিতাত ভাগ লৈ স্থান পাবলৈ সক্ষম হৈছে । যুৱক জনৰ নাম কমল দাস আৰু কমল দাসে জানিব দিয়া মতে আজি লৈকে যিমান কেইখন প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিযোগীতা মূলক খেলত অংশগ্ৰহণ কৰিছে এটা হলেও এটা পদক লাভ কৰিবলৈ সক্ষম হৈছে । যদি এনে প্ৰতিভাৱান যুৱকক ক্ৰিয়া বিভাগে সহায় আৰু সহযোগিতা কৰে তেন্তে জিলা খনৰ লগতে ৰাজ্যখনলৈয়ো সুনাম কঢ়িয়াই আনিব পাৰিব ।