দেৱালীৰ ফটকাৰ পৰা ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড

93

দীপাৱালী উদযাপনৰ মাজতে নিশা ৰঙিয়াত সংঘটিত হল ভয়ংকৰ অগ্নিকাণ্ড। ৰঙিয়াৰ শিৱ মন্দিৰ ৰোডস্থিত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰসন্ন বৈশ্যৰ ভাৰাঘৰত সংঘটিত এই অগ্নিকাণ্ডত এটা কাপোৰৰ গুডামৰ লগতে কেবাটাও গৃহ জুইত জাহ যায় ।

জানিব পৰা মতে, দিপাৱলীৰ ফটকাৰ জুইৰ পৰাই সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। দুমহলীয়া ঘৰটোৰ প্ৰথমতে এটা ভাৰাঘৰত জুই জ্বলে। তাৰ পিছত জুই বিয়পি পৰে এটা কাপোৰৰ গুদামলৈ। আৰু নিমিষতে আন ৪টা বাসগৃহও লেলিহান জুইৰ শিখাই ঘেৰি ধৰে। অগ্নিকাণ্ডৰ ফলত কোটি টকাৰ সম্পত্তি জুইত ভস্মীভূত হয়।

ইফালে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী কিছু পলমকৈ অহাৰ বাবে ৰাইজ উত্তেজিত হৈ পৰে । ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ সৈতে উত্তেজিত একাংশ লোকে তৰ্ক যুদ্ধত লিপ্ত হয় । পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয় ।