দেশত পুনৰ ৪০ হাজাৰৰো অধিক কোভিড পজিটিভ, ৬৪০ জনৰ মৃত্যু

89

ডিজিটেল ডেস্কঃ বিগত ৩ মাহৰ ভিতৰত সোমবাৰৰ দিনটোত কোভিড সংক্ৰমণ হ্ৰাস পোৱা পৰিলক্ষিত হোৱাৰ পিছতে মঙলবাৰৰ দিনটোত পুনৰ বৃদ্ধি পোৱা দেখা গৈছে সংক্ৰমিত ৰোগীৰ সংখ্যা। উল্লেখ্য যে, সোমবাৰৰ দিনটোত দেশত মুঠ ৩০ হাজাৰৰো কম লোক কোৰোনাত সংক্ৰমিত হৈছিল। কিন্তু মঙলবাৰে এই সংখ্যাই পুনৰ এবাৰ ৪০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যানুসৰি, মঙলবাৰৰ দিনটোত ভাৰতত ৪৩,৬৫৪ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। এই সময়ছোৱাত কোভিড সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱায় ৬৪০ জন ৰোগীয়ে। মঙলবাৰৰ দিনটোৰ সংক্ৰমণৰ হাৰৰ পিছত দেশত এতিয়ালৈকে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা ৩ কোটি ১৪ লাখ ৮৪ হাজাৰ ৬০৫জনলৈ বৃদ্ধি পাইছে।

ইফালে দেশত বৰ্তমানলৈকে সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ৩ লাখ ৯৯ হাজাৰ ৪৩৬জন। এতিয়ালৈ দেশত ৪৪,৬১,৫৬,৬৫৯জন লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।