দেশজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছত ছানী লিয়নিৰ “মধুবন” গীতৰ কথা আৰু নাম সলনি কৰাৰ ঘোষণা মিউজিল লেবেল সাৰেগামাৰ

924

দেশজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছত ছানী লিয়নিৰ নতুন গান “মধুবন”ৰ নাম আৰু গীতৰ কথা সলনি কৰাৰ ঘোষণা কৰিছে সংগীত লেবেল সাৰেগামাই।

দৰাচলতে হিন্দী গীতটো মুক্তি লাভ কৰাৰ পিছতে হিন্দু সকলৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ উত্থাপন কৰিছিল একাংশই। বিশেষকৈ মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই এই গীতটোৰ তীব্ৰ বিৰোধীতা কৰে আৰু ৩ দিনৰ ভিতৰত গীতটো প্ৰত্যাহাৰ কৰাৰ লগতে অভিনেত্ৰী ছানী লিয়নিয়ে ৰাজহুৱা ক্ষমা খোজাৰ দাবী জনায়। অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে নৰোত্তম মিশ্ৰই।

আনহাতে বৃন্দাবনৰ সন্ত নৌ গিৰি মহাৰাজেও গীতটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। গীতটোৰ জৰিয়তে হিন্দু সকলৰ পূজ্য ৰাধাক অপমানিত কৰি হিন্দুৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ কৰে নৌ গিৰি মহাৰাজে।

দেশজুৰি সৃষ্টি হোৱা এনে প্ৰতিক্ৰিয়াৰ পিছতে গীতটোৰ নিৰ্মাতা সংগীত লেবেল সাৰেগামাই সামাজিক মাধ্যমত এক বিবৃত্তি জাৰি কৰি গীতৰ কথা আৰু নাম সলনি কৰাৰ ঘোষণা কৰে। নতুন গীতটি অহা ৩ দিনৰ ভিতৰত সকলো মিউজিক প্লেটফৰ্মত পুৰণি গীতটোৰ ঠাইত উপলব্ধ হব বুলিও জানিবলৈ দিয়ে সাৰেগামাই।

উল্লেখ্য যে, যোৱা ২২ ডিচেম্বৰত মুক্তি দিয়া হৈছিল এই মধুবন শীৰ্ষক গানটো। গীতটোত কণ্ঠ দিছিল কণিকা কাপুৰ আৰু অৰিন্দম চক্ৰৱৰ্তীয়ে। আনহাতে, প্ৰসিদ্ধ নৃত্য পৰিচালক গণেশ আচাৰ্যই নৃত্য পৰিচালনা কৰা গীতটোত অভিনয় কৰিছিল ছানী লিয়নিয়ে।

১৯৬০ চনত মুক্তিলাভ “কহিনুৰ” ছবিৰ বিখ্যাত গীত ‘মধুবন মে ৰাধিকা নাচে ৰে’ৰ আধাৰত নিৰ্মান কৰা হৈছিল নতুন গীতটি। পুৰণি গীতটোত কণ্ঠ নিগৰাইছিল প্ৰখ্যাত মহম্মদ ৰফীয়ে। কিংবদন্তি অভিনেতা দিলীপ কুমাৰৰ ওপৰত চিত্ৰিত হৈছিল পুৰণি গানটো।