দিল্লী বিস্ফোৰণঃ দায়িত্ব স্বীকাৰ কৰে জঈছ উল হিন্দে

107

দিল্লীত ইজৰাইলী দূতাবাসৰ বাহিৰত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্ত যিমানে আগবাঢ়ি গৈ আছে, সিমানেই নতুন-নতুন ৰহস্য ফাদিল হৈয়ে আছে। দিল্লী আৰক্ষীৰ বিশেষ ছেল, ক্ৰাইম ব্ৰাঞ্চ আৰু NIAৰ দলে তদন্ত চলাই আছে। ইয়াৰ মাজতে জঈছ উল হিন্দ নামৰ এটা সংগঠনৰ নাম পোহৰলৈ আহিছে। ‘জঈছ উল হিন্দ’য়ে দিল্লীৰ ইজৰাইলী দূতাবাসৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে। কিন্তু এইটো কেনেধৰণৰ সংগঠন বা কাৰ সৈতে জড়িত হৈ আছে, এইটো শ্লীপাৰ ছেল হয় নে নহয়, ইয়াৰ বিষয়ে তদন্ত এজেঞ্চীৰ লগত নায়।

বিস্ফোৰণৰ সৈতে ইৰাণী সংযোগ
তদন্তত পোহৰলৈ আহিছে যে দিল্লীত ইজৰাইলী দূতাবাসৰ বাহিৰত বিস্ফোৰণৰ ইৰণীৰ সংযোগ আছে। ঘটনাস্থলীৰ পৰা তদন্ত সংস্থাই এখন পত্ৰ লাভ কৰিছে, য’ত লিখা আছিল যে এইখনটো মাত্ৰ এখন পত্ৰহে। এই পত্ৰখনতে ২ ইৰাণীক হত্যা কৰাৰ কথা উল্লেখ আছিল। পত্ৰখনত লিখা আছিল যে, সেনা কমাণ্ডৰ জেনেৰেল কাছিম ছুলেমানীক হত্যাৰ প্ৰতিশোধ ল’ব। পত্ৰখনত পৰমাণু বৈজ্ঞানিক আৰ্দেশিৰ হত্যা কৰাৰ কথাও উল্লেখ আছিল।

ইৰানৰ বিখ্যাত পৰমাণু বৈজ্ঞানিক আৰ্দেশিৰৰ ড্ৰোণ-পিষ্টলেৰে হত্যা কৰা হৈছিল। ইৰাণে ইজৰাইলক ইয়াৰ দায়ী বুলি কৈছে। ২০২০ৰ ৩০ নৱেম্বৰত ইৰাণৰ পৰমাণু বৈজ্ঞানিকৰ ড্ৰোণ আক্ৰমণত হত্যা হৈছিল। যাৰ বাবে ইৰানৰ ৰাষ্ট্ৰপতিয়ে পোনপটীয়াকৈ ইজৰায়লক দোষী সাব্যস্ত কৰিছিল।

দিল্লীত ৮ বছৰ পিছত বিস্ফোৰণ
দিল্লীত ৮ বছৰৰ পিছত ডাঙৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। অন্তিমটো বিস্ফোৰণ ২০১২ৰ ১৩ ফেব্ৰুৱাৰীত হৈছিল। ইয়াৰ পূৰ্বে ২০১১ৰ দিল্লী উচ্চ ন্যায়ালয়ৰ বাহিৰত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল।