পুনৰ ভূমিকম্পই কঁপালে তুৰস্ক।
ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি তুৰস্কত শনিবাৰে পুনৰ ৫.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়।
ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ১০ কিলোমিটাৰ (৬.২১ মাইল) গভীৰতাত এই ভূমিকম্পটো সংঘটিত হৈছিল।
৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু ছিৰিয়াত সংঘটিত হোৱা ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰাৰ সময়তে এই কথা প্ৰকাশ পাইছে।