জয়মালাক ওভতাই আনিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ অসম চৰকাৰ

133

তামিলনাডুৰ পৰা অত্যাচাৰিত ‘জয়মালা’ক ঘূৰাই অনাৰ বাবে নিৰ্দেশ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে অসম চৰকাৰে।

তামিলনাডু বন বিভাগে অসম চৰকাৰে হাতীটো ঘূৰাই অনাত সহায় কৰাৰ বাবে কৰা অনুৰোধৰ প্ৰতি সঁহাৰি নিদিয়াৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন এম. যাদৱে কয় যে ৰাজ্য চৰকাৰে এই বিষয়ত আদালতৰ নিৰ্দেশৰ বাবে অপেক্ষা কৰি আছে।

“দলটো বৰ্তমান চেন্নাইত আছে। ইয়াৰ মাজতে তামিলনাডুৰ বন বিভাগৰ অতিৰিক্ত মুখ্য সচিবে আমাৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। আমি এতিয়ালৈকে তেওঁলোকৰ পৰা কোনো তথ্য নিৰ্ণয় কৰিব পৰা নাই, কিন্তু তেওঁলোকে আমাক আশ্বাস দিছে যে হাতীটোৰ অৱস্থা ভালেই আছে।’- যাদৱে কয়।

পিপলছ ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াই শেহতীয়াকৈ প্ৰকাশ কৰিছে ভিডিঅ’ যে কেনেকৈ ‘জয়মালা’ক কৃষ্ণন কোভিল মন্দিৰৰ ভিতৰত মাউটে নিৰ্যাতন চলাইছিল।

ইয়াৰ পিছতে অসম চৰকাৰে ২ ছেপ্টেম্বৰত তামিলনাডুলৈ বন আৰু আৰক্ষী বিষয়াৰ চাৰিজনীয়া দল এটা পঠিয়াই হাতীটোৰ অৱস্থা পৰিদৰ্শন কৰি ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

উল্লেখ কৰিব পাৰি যে তামিলনাডুত ৯টা হাতী অবৈধভাৱে ৰখা হৈছে। মন্দিৰ পৰিদৰ্শনৰ নামত ২০০৮ চনত অসমৰ পৰা এই হাতীবোৰ লীজত দিয়া হৈছিল যদিও তেতিয়াৰ পৰা অবৈধভাৱে ৰখা হৈছে।