জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ ৰাষ্ট্ৰীয় ৰাইফলছৰ বিষয়া

152

জম্মু-কাশ্মীৰৰ ৰাজোৰীত বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। ইফালে এই সংঘৰ্ষত সন্ত্ৰাবাদীৰ গুলি লাগি শ্বহীদ হয় ভাৰতীয় সেনাৰ এগৰাকী বিষয়া।

সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে জনোৱা মতে, ৰজোৰীৰ থানামাণ্ডিত এটা সন্ত্ৰাসবাদীৰ দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভৰ পিছতে অঞ্চলটোত আৰক্ষী আৰু নিৰপতাৰক্ষীয়ে যুটীয়া অভিযান চলায়। ইফালে এই অভিযানৰ উমান পাই সন্ত্ৰাসবাদীয়ে গুলিবৰ্ষণ কৰাত প্ৰত্যুত্তৰ দিয়ে নিৰপত্তাৰক্ষীয়েও। যাৰ ফলত এজন সন্ত্ৰাসবাদী নিহত হয়।

আনহাতে সন্ত্ৰাসবাদীৰ গুলি লাগি গুৰতৰভাৱে আহত হোৱা ৰাষ্ট্ৰীয় ৰাইফলছৰ এগৰাকী জেচিঅ’ক নিকটতম চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে বিষয়জনক।

বৰ্তমানেও অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। নিহত সন্ত্ৰাসবাদী জনৰ পৰিচয় জানিব পৰা নাই যদিও অস্ত্ৰ আৰু নথি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰীয়ে।