জন্মদিন বিশেষঃ অসমীয়াই পাহৰি যোৱা অসমৰ এগৰাকী মহীৰুহৰ কথাৰে…

283

আজি ২৭ ছেপ্টেম্বৰ। আজিৰ দিনটোতে অসমত জন্মগ্ৰহণ কৰিছিল এগৰাকী মহীৰুহে। অৱশ্যেই আজি তেওঁ আমাৰ মাজত নাই। নাই মানে আমাৰ অন্তৰৰ পৰাও তেওঁ আজি হেৰাই গৈছে। কিন্তু তেওঁৰ সৃষ্টিৰাজি আজিও সিমানেই সজীৱ, যিমান আজিৰ পৰা ৪০ বছৰ পূৰ্বে আছিল। সুধাকণ্ঠ ভূপেন হাজৰিকা, পুৰুষোত্তম দাসৰ সৈতে প্ৰায় একেখিনি সময়তে সংগীত জীৱন আৰম্ভ কৰি এসময়ত সংগীতৰ জগতখনৰ এটা সুকীয়া পৰিচয় হৈ পৰিছিল তেওঁ। তেওঁৰ সুমধুৰ কণ্ঠ আৰু সংগীতৰ ওপৰত থকা অগাধ জ্ঞানে প্ৰভাৱিত কৰিছিল ডঃ ভূপেন হাজৰিকাৰ দৰে ব্যক্তিত্বকো। তেৱেঁই হৈছে পণ্ডিত বীৰেন্দ্ৰ কুমাৰ ফুকন।

১৯২২ চনৰ আজিৰ দিনটো, অৰ্থাৎ ২৭ নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল পণ্ডিত বীৰেন্দ্ৰ কুমাৰ ফুকনে। তেওঁ প্ৰথম যেতিয়া গীত গাবলৈ আৰম্ভ কৰিছিল, সেই সময়ত তেওঁৰ সংগীতৰ কোনো শিক্ষাই নাছিল। কিন্তু পিছত তেওঁৰ সংগীতৰ মাজত ইমানেই সোমাই পৰে যে কলিকতাত সংগীত শিক্ষা গ্ৰহণ কৰাৰ পিছত লখনোৰ মেৰিজ কলেজৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰে। তাতেই সৰ্বভাৰতীয় পৰ্যায়ত হোৱা সংগীতৰ স্নাতক পৰীক্ষাত প্ৰথম স্থান লাভ কৰি তেওঁ ভাতখানদে মেমৰিয়েল মেডেলও লাভ কৰিবলৈ সক্ষম হয়।

পণ্ডিত বীৰেন্দ্ৰ কুমাৰ ফুকনৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল কলিকতা আকাশবাণী কেন্দ্ৰৰ জৰিয়তে। ১৯৪০ চনত কলিকতা আকাশবাণী কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰিত হোৱা নৱাগত আচৰ নামৰ অনুষ্ঠানটোত দুটা অসমীয়া আধুনিক গীত গোৱাৰ সুযোগ পাইছিল বীৰেন্দ্ৰ কুমাৰ ফুকনে। তেওঁ আছিল কলিকতা অনাতাঁৰ কেন্দ্ৰত অসমীয়া গীত পৰিবেশন কৰা দ্বিতীয়জন অসমীয়া। আৰু তাত গীত গোৱাৰ পিছতে সংগীতৰ মাজত সম্পূৰ্ণৰূপে সোমাই পৰে তেওঁ আৰু সংগীতৰ অনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ উঠিপৰি লাগে।

১৯৪৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰ স্থাপন হোৱাৰ পিছত ডঃ ভূপেন হাজৰিকা, ফণী তালুকদাৰৰ সৈতে প্ৰগ্ৰাম এচিষ্টেণ্ট হিচাপে নিযুক্তি লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ফুকনে। তাৰ পিছতে লাহে লাহে আকাশবাণীৰ এটা জনপ্ৰিয় আৰু পৰিচিতি কণ্ঠ হৈ পৰিছিল বীৰেন্দ্ৰ কুমাৰ ফুকন। বহু আধুনিক গীতত তেওঁ কণ্ঠ নিগৰোৱাৰ উপৰিও আকাশবাণী কেন্দ্ৰৰ এগৰাকী সুৰকাৰ আৰু গীতিকাৰ হিচাপেও তেওঁৰ ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।

পণ্ডিত বীৰেন্দ্ৰ কুমাৰ ফুকনৰ একক প্ৰচেষ্টাতে প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আৰম্ভ হৈছিল ৰাগ সংগীতৰ এক অনুষ্ঠান। অসমৰ মানুহক ৰাগ সংগীতৰ সোৱাদ দিয়াৰ লগতে ৰাগ শিক্ষা প্ৰদান কৰাটোও লক্ষ্য আছিল পণ্ডিত বীৰেন্দ্ৰ ফুকনৰ। অনাতাঁৰ কেন্দ্রৰ বিভিন্ন পদত তেওঁ কাৰ্য্যনিৰ্বাহ কৰি থকাৰ সমান্তৰালভাৱে তেওঁ ৰাগ সংগীতৰ চৰ্চাও অব্যাহত ৰাখিছিল।

ইয়াৰ মাজতে ১৯৬৮ চনত মুক্তিলাভ কৰা অসমীয়া ছবি মাটিৰ স্বৰ্গতো কণ্ঠদান কৰিছিল বীৰেন্দ্ৰ কুমাৰ ফুকনে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীত সমুহ ভাৰতীয় ৰাগ সংগীতৰে অংশ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা চলোৱা পণ্ডিত বীৰেন্দ্ৰ কুমাৰ ফুকনে লিখি থৈ গৈছে ৰাগ সংগীত নামৰ এখন সংগীত পুথিও।

তেওঁ ৰচনা কৰা, সুৰ কৰা আৰু কণ্ঠ নিগৰোৱা বহু গীত আজিও পুৰণি সংগীতপ্ৰেমীৰ মাজত জীপাল হৈ আছে। অলপতে পণ্ডিত বীৰেন্দ্ৰ কুমাৰ ফুকনে কণ্ঠ দিয়া ৬ টা গীত পুনৰ বাণীবদ্ধ কৰিছে তেওঁৰেই শিষ্য মন্দিৰা লাহিৰিয়ে।

এইগৰাকী মহীৰূহ স্বৰূপ গীতিকাৰ-সুৰকাৰ আৰু কণ্ঠশিল্পী আজি আমাৰ মাজত নাই। বহু অসমীয়াই হয়তো তেওঁৰ নামটোকো শুনা নাই। আধুনিক গীতক বিকৃত ৰূপ দি গোৱা তথাকথিত কণ্ঠশিল্পীৰ সদায়েই বিৰোধিতা কৰা পণ্ডিত বীৰেন্দ্ৰ কুমাৰ ফুকনৰ বিষয়ে আজি ইণ্টাৰনেটতো তথ্য উপলদ্ধ নহয়। সংগীতক মনে-প্ৰাণে ভালপোৱা এইগৰাকী সংগীতজ্ঞ তথাপিও অসমীয়া সংগীতৰ জগতখনিত এটা উজ্বল নক্ষত্ৰ। যাক আমি অনুভৱ নকৰিলেও তেওঁৰ অৱদানৰ আলোকে সদায় আমাক উদ্ভাসিত কৰি ৰাখিব।