ছোনীয়া গান্ধীসহ বিৰোধী দলৰ নেতাক সাক্ষাতৰ বাবে দিল্লীলৈ যাব বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

102

ডিজিটেল ডেস্কঃ চলিত মাহত দিল্লী ভ্ৰমণলৈ যাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰী কৰিছে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে দিল্লীত তেওঁ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধীৰ লগতে আন বিৰোধী নেতাক সাক্ষাৎ কৰিব বুলিও জানিব পৰা গৈছে। অহা ২৫ জুলাইত তেওঁ দিল্লী ভ্ৰমণৰ বাবে ৰাওনা হব।

ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যদি সাক্ষাতৰ সময় প্ৰদান কৰে, তেন্তে দিল্লী ভ্ৰমণকালত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীকো সাক্ষাৎ কৰিব মমতা বেনাৰ্জীয়ে। আনফালে মমতা বেনাৰ্জীৰ বিৰোধী নেতাক সাক্ষাতৰ বিষয়টোৱে এতিয়া ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে।

ছোনীয়া গান্ধীৰ উপৰিও মমতা বেনাৰ্জীয়ে আপ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, এনচিপিৰ অধ্যক্ষ শৰদ পাৱাৰ আৰু সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ সিং যাদৱকো সাক্ষাৎ কৰিব। মমতাৰ এই সাক্ষাৎ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত হব বুলি চৰ্চা চলিছে।

ইফালে আন এক সূত্ৰই প্ৰকাশ কৰা মতে, শৰদ পাৱাৰক পৰৱৰ্তী ৰাষ্ট্ৰপতি বাচনি কৰাৰ বাবেই বিৰোধীৰ সৈতে আলোচনা কৰিব মমতা বেনাৰ্জীয়ে। অৱশ্যে ২০২৪ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোডী আৰু বিজেপিৰ বিৰুদ্ধে বিৰোধী শক্তিক একত্ৰিত কৰাৰ লক্ষ্যৰেই মমতা বেনাৰ্জীৰ এই ভ্ৰমণসূচী বুলি মন্তব্য কৰিছে অধিকাংশ ৰাজনৈতিক বিশ্লেষকে। উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰেও ছোনীয়া গান্ধী আৰু শৰদ পাৱাৰক সাক্ষাৎ কৰিছিল।