চৰাইবাহীত “মেঘালী-বোধিদ্ৰুম সাহিত্য চৰ্চা সমাজ”ৰ আলাপ অনুষ্ঠান সম্পন্ন

92

ঋতু পৰ্ণ শৰ্মা, নগাঁও: কবি সকলে মনৰ অনুভৱবোৰক শব্দৰে খেলি ৰহণ সানি জন্ম দিয়ে একো একোটি কবিতাৰ । ৰাজ্যৰ গুৱাহাটী, ডিব্ৰুগড়, নাৰায়ণপুৰ, লক্ষীমপুৰ, নীলবাগান, হোজাই, নলবাৰী, মৰিগাঁৱকে ধৰি বিভিন্ন প্ৰান্তৰ সাহিত্য অনুৰাগী লোক সকল সামাজিক মাধ্যমত একত্ৰিত হৈ গঠন কৰা সাহিত্য সংস্কৃতিৰ অন্যতম সামাজিক মাধ্যমৰ অনুষ্ঠান “মেঘালী বোধিদ্ৰুম সাহিত্য চৰ্চা সমাজ”ৰ ৰবিবাৰে মৰিগাঁও জিলাৰ চৰাইবাহীত অনুষ্ঠিত দ্বিতীয় সংখ্যক মেঘালী আলাপ অনুষ্ঠানত সঞ্চালক হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাই ৷

ভাষণ প্ৰসংগত হাজৰিকাই বৰ্তমান সময়ত সাহিত্যৰ বৌদ্ধিক উত্তৰণত আগভাগ ল’ব লাগিব আজিৰ উঠি অহা নৱ প্ৰজন্মৰ কবি সাহিত্যিকে বুলিও মন্তব্য কৰে ৷ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনত দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সাহিত্য অনুষ্ঠানটিৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে দেৱজিৎ হাজৰিকাই৷

ইয়াৰ পিছতে বৃক্ষ ৰোপন কৰে চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথ আৰু নিকেতন পৰিচালনা সমিতিৰ সম্পাদক জিতুমনি বৰদলৈয়ে ৷ সাহিত্য আলাপ অনুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বালন কৰে জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাট্য শিল্পী কমল বৰদলৈয়ে ৷ “মেঘালী বোধিদ্ৰুম সাহিত্য চৰ্চা সমাজ”ৰ প্ৰশাসক জাহ্নু দেৱ কলিতাই উদ্দেশ্য বাখ্যা আৰু আঁতধৰা “মেঘালী আলাপ” অনুষ্ঠানত শিশু শিল্পী সুনয়না দেৱীৰ বৰগীত আৰু শিল্পী ক্ষীৰদা দেৱীৰ দ্বাৰা ভূপেন্দ্ৰ সংগীত পৰিবেশনেৰে সাহিত্যৰ অনুষ্ঠানটোত এক সুকীয়া মাত্ৰ প্ৰদান কৰে ৷

ইয়াৰ পিছতে অনুষ্ঠানত নাট্য শিল্পী কমল বৰদলৈৰ নাটকৰ সংলাপ, গল্পকাৰ গৌৰৱ ডেকাৰ গল্প পাঠ, দিপু নাথ, বিনয় দাস, কবীন কাকতি, মৃণালিনী দেৱী, বৰ্ণালী দেৱী, সাংবাদিক মানস কুমাৰ নাথ, ৰাবিয়া বেগম, ফাৰহিন চুলতানা, পৰেশ বৰকাকতি আদিকে প্ৰমূখ্য কৰি প্ৰায় অৰ্ধ শতাধিক কবিৰ কবিতা পাঠেৰে চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতন জীপাল কৰি তোলে৷