চৰম আতংকত ভুগিছে কপিলীপৰীয়া ৰাইজ

147

নগাঁৱৰ ৰহাৰ খলিহামাৰীত চৰম আতংকত ভুগিছে কপিলীপৰীয়া ৰাইজ। নিশাটোৰ ভিতৰতে চপৰা চপৰে খহিছে কপিলী নদীৰ গৰা। চৰম নিৰাপত্তাহীনতাত ভুগিছে নৈপৰীয়া জনতা। উল্লেখ্য যে ১৯৮৮ চনৰ কপিলী নদীৰ প্ৰৱল বানৰ পাছৰে পৰা অঞ্চলটো প্ৰৱল খহনীয়া আৰম্ভ হৈছিল। খহনীয়াই বহু বিঘা মাটি খহাই নিয়াৰ পিচত মথাউৰি তথা যোগাযোগৰ পথ পৰ্যন্ত খহাই নিলে।ৰাইজৰ পট্টা মাটিৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া হ’ল পথ তথা মথাউৰি। প্ৰতি বছৰে অহা বানৰ ফলত সেই মথাউৰি তথা পথো জাহ গ’ল নদীৰ বুকুত। খহনীয়াৰ ফলত এনেদৰে অঞ্চলটোত ৩বাৰকৈ পিচুৱাই নিৰ্মাণ কৰিবলগীয়া হ’ল পথ। ২০০৪ চনৰ প্ৰলয়ংকৰী বানৰ পাছত অঞ্চলটোত পুনৰ আৰম্ভ হ’ল ভয়াৱহ খহনীয়া। পাছত জলসম্পদ বিভাগে শৈলবান্ধ দি খহনীয়া ৰোধৰ ব্যৱস্থা কৰে।