চীনা অর্থনীতিবিদ লাই ঝিয়াওমিনক মৃত্যুদণ্ডৰ ৰায়দান

74

চীনৰ আদালতে এগৰাকী অর্থনীতিবিদক মৃত্যুদণ্ডৰ ৰায়ে কঁপাইছে বিশ্ব ৷ দুর্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱা এইগৰাকী অর্থনীতিবিদৰ নাম হ’ল বিত্ত বিভাগৰ প্রাক্তন মুৰব্বী লাই ঝিয়াওমিন ৷ উল্লেখযোগ্য যে ঝিয়াওমিনক ২০১৮ চনত ২৮০ নিযুত ডলাৰ উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছিল ৷ হুৱাৰং এছেট মেনেজমেণ্টৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি থকা সময়ত এই বৃহৎ ধনৰাশি উৎকোচ হিচাপে গ্রহণ কৰিছিল লাই ঝিয়াওমিনে ৷

উল্লেখ্য, ৰাষ্ট্রপতি ঝি জিনপিঙে দেশখনত দুর্নীতিৰ বিৰুদ্ধে চলাই থকা অভিযানত লাইৰ বিৰুদ্ধে টিয়ানজিন চহৰৰ আদালতে বুধবাৰে মৃত্যুদণ্ডৰ ৰায় শুনাইছে ৷ অর্থনীতিবিদগৰাকীক এনেদৰে মৃত্যুদণ্ডৰ ৰায় শুনোৱাৰ পিছত বিশ্বৰ মানৱ অধিকাৰ সংগঠনসমূহে গভীৰ উদ্বেগ প্রকাশ কৰিছে ৷ হিউমেন ৰাইটছ ৱাটচে চীনৰ এই কার্যক এক অপৰাধ বুলিও অভিহিত কৰিছে ৷