চাংসাৰিৰ টোলগেটৰ ১৩৯ গৰাকী কৰ্মচাৰীৰ কোভিড টেষ্ট সম্পন্ন

71

পৱন নীল কাশ্যপ, চাংসাৰিঃ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰস্থিত টোলগেটৰ পুৰুষ-মহিলাকে ধৰি ১৩৯ গৰাকী কৰ্মচাৰীৰ বৃহস্পতিবাৰে কোভিড পৰীক্ষা কৰা হয়। মদনপুৰ টোলগেট কৰ্ত্তৃপক্ষৰ উদ্যোগত দিনৰ প্ৰায় ১১ বজাৰ পৰা অনুষ্ঠিত কৰা উক্ত কোভিড পৰীক্ষা শিবিৰত কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পৰা যোৱা চিকিৎসাকৰ্মীৰ এটা দলে মদনপুৰ হাইস্কুলত উক্ত কোভিড পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে।

মদনপুৰ টোলগেট কৰ্ত্তৃপক্ষৰ উদ্যোগত গ্ৰহণ কৰা বৃহস্পতিবাৰৰ কোভিড পৰীক্ষাৰ প্ৰতিবেদন মৰ্মে আটাইকেইগৰাকী কৰ্মচাৰী কোভিডমুক্ত বুলি জানিবলৈ দিয়ে।