গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰিলে ভৰিব লাগিব কৰঃ চৰকাৰী নীতিৰ বিৰোধিতা অখিল গগৈৰ

127

গুৱাহাটীঃ গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰিলেও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অনুমতি ল’ব লাগিব বুলি চৰকাৰী নিৰ্দেশনা জাৰি হোৱাৰ পিছতে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰিলে কিয় অতিৰিক্ত ধন ভৰিব লাগে বুলি একাংশই এই চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও এনে চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত অখিল গগৈয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে এনে কৰ নীতি কেতিয়াও মানি লোৱা নহয়। ব্যৱসায়ী, ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিলে কৰ দিয়াটো সম্ভৱ নহয়৷ এই ব্যৱস্থা জাতিবিদ্বেষী, গ্ৰাম্য জীৱন ধ্বংস কৰিব লোৱা এক নীতি বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

আনহাতে অসমীয়াই এতিয়া বিহু পাতিলেও বিজেপি চৰকাৰৰ অনুমতি ল’ব লাগিব নেকি বুলিও ইতিকিং সূচক প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে। বিজেপি-আৰএছএছক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে অসমৰ সকলো কাম কৰিবলৈ নাগপুৰীয়াৰ অনুমতি লোৱাটো অন্যতম হৈ পৰিছে। অসমৰ খেতিয়ক আৰু কোভিড মহামাৰীয়ে জুৰুলা কৰা দৰিদ্ৰ জনতাৰ ওপৰত এনে কৰ নীতি কেতিয়াও আৰোপ কৰিব নোৱাৰে বুলি চৰকাৰক প্ৰত্যাহ্বান জনায় অখিল গগৈয়ে।