গোসাইগাওঁ সংযোগী উপযুক্ত দলংৰ অভাৱত জ্বলা-কলা খুৱাইছে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজক

313

বিটিচিৰ কোকৰাঝাৰ জিলা গোসাইগাওঁ মহকুমাৰ ফোঁপোলা ছবি। উপযুক্ত দলং নথকাৰ বাবে নিতৌ বিপদ সংকুল যাতায়ত কৰিব লগীয়া হৈছে অঞ্চলৰ ৰাইজে। গোসাইগাওঁ মদাতী দলংখন ৰাইজে নিজ গাঠিৰ ধনেৰে বাহৰ দলং নিৰ্মাণ কৰিছিল যদিও কেইবাদিন ধৰি অহা ধাৰাষাৰ বৰষুণৰ বাঢ়নী পানীত বাঁহৰ দলঙখন উটুৱাই লৈ যায়।উল্লেখযোগ্য যে গোঁসাইগাওঁ বাবুবিল মদাতী দলং খনৰে মদাতী,লালপাৰা,থৰিবাৰী,হংশবিল,কুৰীয়াবস্তি,হালগৰা অঞ্চলৰ গাওঁবাসীয়ে গাওঁখনৰ কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে এক মাত্ৰ দলংখনেৰে যাতায়ত কৰিছিল ।ধাৰাষাৰ বৰষুণত উটুৱাই লৈ যোৱাত বিপদ সংকুল ভাবে সুবিদাৰ্থে ৰেল দলংঙেৰে পাৰ হব লগীয়া হৈছে বিদ্যালয়লৈ ।বছৰ বছৰ ধৰি এনেদৰে পৰিতক্ত অবস্থাত মৰণ ফাণন্দত যাতায়ত কৰি আহিছে অঞ্চলৰ ৰাইজে। অঞ্চলৰ ৰাইজে ভাল দলং নথকাৰ বাবে যাব নোৱাৰে। এম্বুলেঞ্চ ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে। গাওঁখনৰ ৰাইজে অভিযোগ কৰা মতে চৰকাৰক আবেদন নিবেদন কৰাৰ পিছত কাণ সাৰ নাই মন্ত্ৰী তথা বিভাগীয় কৃতপক্ষই।অঞ্চলৰ ৰাইজৰ যাতায়ত কৰাৰ দলং খন নিৰ্মাণ কৰাৰ বাবে বিটিচি চৰকাৰক দাবী জনাইছে সচেতন মহলে।