গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভাগীয় প্ৰতিনিধিৰ অসম আৰোগ্য নিধিলৈ ৩০ হাজাৰ টকাৰ বৰঙণি

115

ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল : কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বকে জৰ্জৰিত কৰাৰ সময়ছোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভাগীয় প্ৰতিনিধিসকলে গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ।সংকটৰ এই সময়খিনিত ছাত্ৰসমাজৰ সহায়েৰে বিশ্ব-বিদ্যালয়ৰ বিভাগীয় প্ৰতিনিধিসকলে মুখ্যমন্ত্ৰীৰ অসম আৰোগ্য নিধিলৈ ৩০,০০০ টকাৰ বৰঙণি, ৫ এপ্ৰিলত আগবঢ়ায়। এই জটিল সময়ছোৱাত তেওঁলোকে গ্ৰহণ কৰা এই পদক্ষেপে বহুতৰে মন জয় কৰিবলৈ সক্ষম হৈছে।তেওঁলোকৰ এই কাৰ্যক ছাত্ৰসমাজে বিপুলভাৱে আদৰণি জনাইছে আৰু এনেধৰণৰ প্ৰশংসনীয় কামৰ সতে ছাত্ৰসমাজ সদায় আছে বুলিও বহুতে অৱগত কৰিছে। ইয়াৰ লগতে ৰসায়ন বিজ্ঞান বিভাগৰ বিভাগীয় প্ৰতিনিধি শ্বাহীদুল ইছলামে লকডাউনৰ সময়ছোৱাত ৰাইজক ঘৰতে সুৰক্ষিত হৈ থাকিবলৈ বিনম্ৰভাৱে আবেদনো জনায়।