গুৱাহাটীত মুকলি দেশৰ দ্বিতীয়টো সৰ্ববৃহৎ চেন্টাৰ কাৰজ্ স্পা

146

গুৱাহাটী মহানগৰীত মুকলি হ’ল দেশৰ দ্বিতীয়টো সৰ্ববৃহৎ কাৰ স্পা প্ৰতিষ্ঠান কাৰজ্ প্লাজা ৷ ৩ হাজাৰ বৰ্গ স্কুৱাৰ ফুটৰ এই প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে মহাগনৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সৰুসজাই ষ্টেডিয়ামৰ কাষত ৷ ইন্টাৰনেশ্বনেল ডিটেইলিং এচ’ছিয়েছনৰ সদস্যভূক্ত এই কাৰজ্ স্পাত সকলোধৰণৰ গ্ৰাহকে নিজৰ বাহনখন ইচ্ছা অনুসাৰে সজাই পৰাই নিব পাৰিব ৷ উদ্যোক্তা সকলে জনোৱা মতে প্ৰথমবাৰৰ বাবে উত্তৰ পূবত স্থাপন হোৱা এই কাৰজ্ স্পাত সকলো ধৰণৰ গ্ৰাহকে নিজৰ বাহনখনক সজাই পৰাই ল’ব পাৰিব আন্তৰাষ্ট্ৰীয় মানদণ্ডৰত ৷ বিশেষকৈ এজন ব্যক্তিয়ে নিজৰ সৌন্দৰ্যবহনৰ বাবে যি দৰে কোনোৱা স্পাত সোমাই নিজকে ন ৰূপত সজাই তোলাৰ প্ৰয়াস কৰে , ঠিক একেদৰে নিজৰ মৰমৰ বাহনখনকো এই প্ৰতিষ্ঠানৰ জড়িয়তে আকৰ্ষণীয় কৰি তুলিব পাৰিব ৷ কাৰণ এই প্ৰতিষ্ঠানতে এজন গ্ৰাহকে নিজৰ বাহনখনৰ হেড লাইট পলিচিং , ইঞ্জিন ড্ৰেচিং , প্ৰিমীয়াম ৱাছ , উইণ্ড শ্বিল্ড পলিছিং , ডে কন্টেমিনেশ্বন এন্ড চাৰফেচ , ক্লে ৱাছ , স্টিম ক্লিনিং , পেইণ্ট ৰিফাইমেন্ট , টায়াৰ ড্ৰেচিং , কেৰামিক ৱাক্স , আনৰণ ৰিম’ভাৰ আদিকে ধৰি সকলো সুবিধা উপলব্ধ হ’ব ৷