গুজৰাটৰ পৰা অসম পালেহি ১০৮ জনী গীৰ গাই

88

গুৱাহাটীঃ গৰুখুটি দুগ্ধ উদ্যোগৰ উন্নতিৰ বাবে বৃহস্পতিবাৰে গুজৰাটৰ পৰা অসমলৈ ১০৮ টা গীৰ গাই গৰু অনা হৈছে। 

বাতৰি অনুসৰি, গীৰ গাই কেইটা ৰেলযোগে ৰঙিয়ালৈ অনা হয়। তাৰ পিছত ট্ৰাকেৰে গৰুখুটিলৈ লৈ যোৱা হয়। এই সন্দৰ্ভত, ১৫ জন যুৱকক বৃহৎ প্ৰকল্পটোৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। 

চৰকাৰী প্ৰতিবেদন অনুসৰি, গীৰ গাইসমূহ ভাৱনগৰৰ পৰা অনা হৈছে। এই গীৰ গাই প্ৰতিজনীয়ে এদিনত ১৪-১৫ লিটাৰ গাখীৰ দিয়ে।

গৰুখুটি প্ৰকল্পৰ চৰকাৰী বিবৃতি অনুসৰি, ৰাজ্যখনলৈ ২০০০ জনী গীৰ গাই অনা হ’ব। যাৰ ভিতৰত ৫০০ টা ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত অনা হ’ব। 

লক্ষণীয়ভাৱে, অসম বাজেটত গৰুখুটি প্ৰকল্পৰ বাবে ৯.৬০ কোটি টকা আৱণ্টন কৰা হৈছে। প্ৰকল্পটোৰ লক্ষ্য হৈছে বনায়ন আৰু কৃষি কাৰ্য কলাপক প্ৰচাৰ কৰা।