এক শোকাবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লবলগীয়া হল মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ই কে মাওলঙৰ পুত্ৰ তথা কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংডোৰ জ্যেষ্ঠ ভাতৃ ফাৰ্ডিনন্দ বি লিংডোৱে। শনিবাৰে মেঘালয়ৰ উমছামলেম গাঁৱত বাহনৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু ঘটে ফাৰ্ডিনন্দ বি লিংডোৰ। উল্লেখ্য যে, ফাৰ্ডিনন্দ তুৰাৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কমিউনিটী ছায়েন্স কলেজৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত আছিল।
জানিব পৰা মতে, তেওঁ শ্বিলঙলৈ আহি থকাৰ সময়তে ৰিভয় জিলাত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় । দীঘলীয়া যাত্ৰা কৰি ভাগৰ লগাত পথৰ কাষত গাড়ীখন ৰখাই তেওঁ জিৰণী লৈছিল ।সেই সময়তে গাড়ীখনত কিবা বিজুতি ঘটি জুইৰ সূত্ৰপাত হয় আৰু মূহুৰ্ততে জুয়ে আৱৰি ধৰে গাড়ীখন । জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ পিছত প্ৰচণ্ড বিস্ফোৰণ ঘটে গাড়ীখনত । যাৰ ফলত ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় ফাৰ্ডিনন্দই। এই ঘটনাত ৰাজ্যখনত শোকৰ ছাঁ পৰিছে ।