বিগত কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেদি বৈ থকা বাবে মহানগৰীৰ দক্ষিণ – পশ্চিম প্ৰান্তত থকা দীপৰ বিলৰ পানীভাগ ওফন্দি উঠিছে । ফলত দীপৰ বিলৰ উত্তৰ দিশৰ খানামুখৰ হাওৰাপাৰৰ পৰা আজাৰাৰ বৰবৰীলৈ এক বৃহৎ অঞ্চল তিনি – চাৰিদিন ধৰি বানত বুৰ গৈ আছে । ইয়াৰ ভিতৰত খানামুখ হাওৰা পাৰৰ প্ৰায় ৩০ টা , আজাৰাৰ বৰবৰী , কেওটপাৰা, দেউৰীপাৰা , ঠাকুৰীয়াপাৰাৰ প্ৰায় ৪০ টা পৰিয়াল জলবন্দী হৈ থাকিব লগা হৈছে । সমান্তৰালভাবে ধাৰাপুৰ চাৰিআলি বজাৰ , ধাৰাপুৰৰ পৰা আজাৰা সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ ঠায়ে ঠায়ে জলমগ্ন হৈছে । ইফালে এটা মাহৰ ভিতৰত দুবাৰ বানৰ সম্মুখীন হোৱা বাবে মানুহৰ লগতে পোহনীয়া পশুধন সমূহৰ আলাই আঠনি হোৱা পৰিলক্ষিত হৈছে । প্ৰথমবাৰ বানৰ কবলত পৰা পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰ এলেকাত চলিত জুলাই মাহৰ প্ৰথম সপ্তাহত স্থানিয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উদ্যোগত পশুধনৰ গৰাকীৰ মাজত পৰ্যাপ্ত পৰিমাণৰ পশু খাদ্য বিতৰণ কৰা হৈছিল। ফলত পশুপালক সকল বহুখিনি সকাহ পাইছিল । আনহাতে এটা মাহতে দুবাৰ – তিনিবাৰ বানৰ মুখামুখি হোৱা বাবে বহু কৃষকে পথাৰত ভূঁই ৰোৱাকে ধৰি কৃষি – কৰ্ম কৰিব পৰা নাই বুলি জানিব পৰা গৈছে । আজাৰা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰদীপ দাসে সদৰি কৰা অনুসৰি দীপৰ বিলৰ পানীভাগ খানা নৈৰে ব্ৰহ্মপুত্ৰলৈ ওলাই নোযোৱা পৰ্য্যন্ত অঞ্চলটো জলমগ্ন হৈ থকাটো নিশ্চিত ।