কৰিমগঞ্জত বৈধ নথিপত্ৰ নথকা ২ ইউক্ৰেইনৰ নাগৰিকক আটক

72

বৈধ নথিপত্ৰ অবিহনে ভ্ৰমণ কৰা দুজন ইউক্ৰেইনৰ নাগৰিকক বৃহস্পতিবাৰে কৰিমগঞ্জ জিলাত আটক কৰা হৈছে।

তেওঁলোকক বদৰপুৰ ৰেল ষ্টেচনত নতুন দিল্লী অভিমুখী ৰেলৰ পৰা আটক কৰে আৰক্ষীয়ে।

ধৃত ইউক্ৰেনিয়ান দুজনক ৩৯ বছৰীয়া ট্ৰিশ্চিনস্কি ভলোডিমিৰ আৰু ২১ বছৰীয়া নাজাৰী ভজনিউক বুলি চিনাক্ত কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, আটকাধীন ব্যক্তিসকলে আগৰতলাৰ পৰা ভ্ৰমণ কৰিছিল আৰু তেওঁলোকৰ ওচৰত পাছপোৰ্ট বা ভিছাৰ দৰে কোনো বৈধ নথি পত্ৰ নাছিল।

তেওঁলোকে ত্ৰিপুৰা-সুন্দৰী এক্সপ্ৰেছত (ৰেল নম্বৰ – 14619) যাত্ৰা কৰি আছিল।

দুয়োকে সন্দেহৰ ভিত্তিত আটক কৰে আৰপিএফ আৰু জিআৰপিয়ে।

আটকাধীন ব্যক্তি দুজনে স্বীকাৰ কৰা মতে, তেওঁলোক ফেব্ৰুৱাৰীত বন্ধৰ বাবে ভাৰতলৈ আহিছিল আৰু যেতিয়া তেওঁলোক ত্ৰিপুৰাত আছিল, তেওঁলোকৰ সামগ্ৰী চুৰি হৈছিল য’ত নথিপত্ৰ আছিল।

প্ৰতিবেদন অনুসৰি, আৰক্ষীয়ে আটকাধীন ব্যক্তিসকলৰ বিবৃতি আৰু বিৱৰণৰ সন্দৰ্ভত ইউক্ৰেইন দূতাবাসৰ সৈতে যোগাযোগ কৰি আছে।

আৰক্ষীয়ে আৰু কয় যে যদি ব্যক্তিসকলৰ দ্বাৰা বিৱৰণ মিছা বুলি পোৱা যায়, তেওঁলোকে আইন অনুসৰি কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব।