কোৰোনাত আক্ৰান্ত হৈ পশ্চিম বংগত কংগ্ৰেছ প্ৰাৰ্থীৰ মৃত্যু

100

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন অব্যাহত আছে। নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দল তথা প্ৰাৰ্থী ব্যস্ত থকাৰ মাজতে কোৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিবলগা হ’ল ৰাজ্যখনৰ এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। মুৰ্ছিদাবাদ জিলাৰ চামছেৰগঞ্জ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেজুল হক কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। অৱশেষত চিকিৎসালয়তে গুৰুবাৰে শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে।