কোৰোনাত আক্ৰান্ত দক্ষিণ আফ্ৰিকা, বাংলাদেশ ক্ৰিকেট দলৰ ক্ৰিকেটাৰ…

82

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ খেলুৱৈ। বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকা ক্ৰিকেট বোৰ্ড চিএছএ-য়ে প্ৰকাশ কৰা মতে দেশখনৰ পুৰুষ আন্তঃৰাষ্ট্ৰীয় দলটোৰ দুগৰাকীকৈ ক্ৰিকেটাৰ কোৰোনাত আক্ৰান্ত হৈছে। অৱশ্যে এতিয়াও ঘোষণা কৰা নাই আক্ৰান্ত ক্ৰিকেটাৰ দুগৰাকীৰ নাম।

জানিব পৰা মতে, ১৮ আগষ্টৰ পৰা ২২ আগষ্টলৈ দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ প্ৰস্তুতি শিৱিৰৰ আয়োজন কৰা হৈছিল। কিন্তু ইয়াৰ পূৰ্বে চাপ’ৰ্ট ষ্টাফ আৰু ক্ৰিকেটাৰসহ মুঠ ৫০ গৰাকীৰ কোভিড পৰীক্ষা কৰিছিল চিএছএ-য়ে। এই পৰীক্ষাতে দেশখনৰ মূল ক্ৰিকেট দলৰ দুগৰাকীকৈ খেলুৱৈ কোভিড পজিটিভ ধৰা পৰে।

কোভিড আক্ৰান্ত ক্ৰিকেটাৰ দুগৰাকীক আইশ্য’লেছনলৈ প্ৰেৰণ কৰা হেতু তেওঁলোকে প্ৰস্তুতি শিৱিৰত ভাগ ল’ব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে চিএছএ-য়ে। অন্যহাতে বাংলাদেশৰ ১৯ অনুৰ্ধ্ব ক্ৰিকেট দলৰ এগৰাকী খেলুৱৈৰ দেহতো ধৰা পৰিছে কোভিড পজিটিভ। বাংলাদেশ ক্ৰিকেট বোৰ্ডে সদৰী কৰা এই খবৰত কোৰোনা আক্ৰান্ত খেলুৱৈগৰাকীৰ নাম ইফটিকাৰ হুছেইন বুলি জানিব পৰা গৈছে।