কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটা ৰাতুলৰ মৃতদেহ দেখি হতবাক পৰিয়াল, অংগ উলিয়াই নিয়াৰ অভিযোগ

102

নগাঁও জিলাৰ ধিঙত কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ মৃতদেহৰ অংগ কাটি নিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। অভিযোগ অনুসৰি, কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটা ধিঙৰ ভকতগাঁৱৰ নিৱাসী ৰাতুল শইকীয়াৰ চকু আৰু তল পেটত কটা চিন পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

জানিব পৰা মতে, যোৱা ২৯ জুনত কোভিডত আক্ৰান্ত হৈছিল ৰাতুল শইকীয়া। প্ৰথমাৱস্থাত তেওঁক নগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পিছদিনা GMCHৰ ছুপাৰ স্পেচিয়েলিটী কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু হাস্পতালতে ৰাতুল শইকীয়াৰ মৃত্যু ঘটাত কোভিডৰ দোহাই দি মৃতদেহটো গুৱাহাটীতে চৰকাৰীভাৱে সৎকাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে।

ইফালে পৰিয়ালৰ লোকে বাৰাম্বাৰ অনুনয় বিনয় কৰাৰ পিছত এবাৰৰ বাবে ৰাতুল শইকীয়াৰ মৃতদেহটো চোৱাৰ অনুমতি প্ৰদান কৰা হয়। কিন্তু ৰাতুলৰ মৃতদেহ প্ৰত্যক্ষ কৰিয়েই আতংকিত হৈ পৰিছে তেওঁৰ ককায়েক আৰু বৌৱেক। সম্পূৰ্ণ সুস্থ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা ৰাতুল শইকীয়াৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহটোৰ এটা চকু আৰু তল পেটত থকা কটা চিহ্নই ৰহস্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, কোনো দুষ্ট চক্ৰই ৰাতুলৰ চকু আৰু ভিতৰৰ অংগ উলিয়াই নিছে। পৰিয়ালে এই ঘটনাৰ উচিত তদন্ত বিচাৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আহ্বান জনাইছে।