ষ্টাফৰিপোৰ্টাৰ, ২০ এপ্ৰিল : আজি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই দৰংগিৰিৰ কল খেতি পৰিদৰ্শন কৰে। বিখ্যাত কল খেতিয়ক দেৱব্ৰত ৰাভাৰ সৈতে আলোচনা কৰি পামহি বজাৰত তেওঁলোকক কল বিক্রীৰবাবে এদোখৰ ঠাই দিব বুলি কয় লগতে উৎপাদিত কল বর্হিৰাজ্যলৈ পঠিয়াবৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। ইয়াৰ পিছত গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত উপস্থিত হৈ জিলা প্ৰশাসন আৰু বিভাগীয় বিষয়াসকলৰ সৈতে সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে বিতং আলোচনা কৰে । গাখীৰৰ লগতে মাংস আৰু পাচলি যাতে ৰাইজে পোৱাত অসুবিধা নহয় প্ৰশাসনক তাৰ ব্যৱস্থা কৰিবলৈ দিয়ে। কৃষি সা সঁজুলি, সাৰ, পশু দৰৱ , পশু খাদ্য আদিৰ যাতে অভাৱ নহয় তাৰ বাবে সম্পূৰ্ণ নজৰ ৰাখিব দিয়ে। পশু চিকিৎসক সকলক চিকিৎসালয়ত উপস্থিত থাকি জীৱ জন্তুৰ চিকিৎসা সেৱা আগবঢ়াই যাবৰ বাবে নিৰ্দেশ দিয়ে। একেদৰে বৰপেটা আৰু নলবাৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসন আৰু বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু জিলাখনৰ পৰিস্থিতিৰ বুজ লয়|ইয়াৰ উপৰিও সম্ভাব্য বানপানীৰ সময়ত যাতে খেতিয়ক, হাঁহ কুকুৰা পালক আৰু পশু পালক সকলে কোনো অসুবিধা নাপায় তাৰ বাবে আগতীয়া ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিয়ে।লগতে কিছু সংখ্যক প্ৰগতিশীল খেতিয়কৰ লগত মত বিনিময় কৰি চৰকাৰৰ ফালৰ পৰা সকলো সা সুবিধাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিক্রীৰ সু ব্যৱস্থাৰ আশ্বাস দিয়ে।
Latest article
বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে গুডনাইটে ভাৰতীয় পৰিয়ালৰ স্বাস্থ্যজনিত বিপদাশংকা সন্দৰ্ভত প্ৰকাশ কৰিছে এক সমীক্ষা...
দেশৰ ৮৭% আবাসীৰ মতে শিশুৰ নিদ্ৰাহীনতা অথবা ভালদৰে টোপনি নোহোৱাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্য আৰু জীৱনধাৰাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে...
তেতেলীৰ উপকাৰীৰ কথা জানেনে
তেতেলি ( Tamarind)এবিধ বৰ উপকাৰী ফল। পকা তেতেলি দেখা মাত্ৰেই মুখত টেঙা-মিঠা অনুভৱ হোৱাৰ লগে লগেই নিগৰি আহে জিভাৰ পানী। তেতেলি দাইলত দি, শাকৰ...
যুদ্ধংদেহী ৰূপত দেখা গৈছে ভাৰতীয় সেনাক
যুদ্ধংদেহী ৰূপত দেখাত গৈছে ভাৰতীয় সেনাক। পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাঙি পেলোৱা হৈছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ। শেহতীয়াকৈ জম্মু-কাশ্মীৰত আৰু দুটা সন্ত্ৰাসবাদীৰ...