কাইলৈ অসম পাবহি লাভলীনা, ৰাজ্যত ব্যাপক প্ৰস্তুতি

169

গুৱাহাটী:- টকিঅ’ অলিম্পিকত পদকজয়ী অসম মাতৃৰ সুযোগ্য সন্তান লাভলীনা বৰগোঁহাই কাইলৈ উপস্থিত হব মাতৃভূমিত। বজ্রকণ্যা লাভলীনাক আদৰিবলৈ ইতিমধ্যে ব্যপক প্ৰস্তুতি সম্পন্ন হৈ উঠিছে।

গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে লাভলীনৰ বাবে ১২ আগষ্টত শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে বিশ্বৰ দৰবাৰত অসমক উজ্বলাই তোলা লাভলীনাক ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্য চৰকাৰে।

ইফালে , লাভলীনাক আদৰিবলৈ গৃহভূমি বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ৰাইজেও চলাইছে ব্যাপক প্ৰস্তুতি। লাভলীনা বৰগোঁহাইক স্বগৃহত ৰাজ্যিক সন্মানৰ মৰ্যাদাৰে চৰকাৰে আদৰণি জনাব। গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰত জিলা উপায়ুক্তৰ তত্বাৱধানত থাকিব লাভলীনা।

প্ৰণিধানযোগ্য যে, অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোঁহাইৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবেও প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। আনফালে লাভলীনাক চৰকাৰে অসমৰ ক্ৰীড়া নীতি অনুযায়ী ৫০ লাখ টকা আৰু APS/ACS পৰ্যায়ৰ চাকৰি প্ৰদান কৰিব।