কাঁটা তাঁৰ পাৰ হৈ বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা চীনা নাগৰিকক আটক

112

চীনৰ পৰা বিজনেছ ভিছাৰে বাংলাদেশত উপস্থিত হোৱা এজন চীনা নাগৰিকক ৰহস্যজনক অৱস্থাত বাংলাদেশ সীমান্তৱৰ্তী পশ্চিমবংগৰ মালদাহত বিএছএফৰ কৰ্তব্যৰত জোৱানে আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, মালদাহৰ কালিয়াচকত সন্দেহজনক অৱস্থাত চীনা নাগৰিকজনে ঘূৰা ফুৰা কৰি থকাত একাংশ লোকে সন্দেহ কৰি কৰ্তব্যৰত বিএছএফ জোৱানক খবৰ দিয়ে। তাৰ পিছতে চীনা নাগৰিকজনক বিএছএফ বাহিনীয়ে আটক কৰি আৰক্ষীক চমজাই দিয়ে। ধৃত নাগৰিকজনৰ পৰা এখন পাছপ’ৰ্ট, তিনিটা মোবাইল আৰু এটা লেপটপ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

আৰক্ষী সূত্ৰে প্ৰকাশিত খবৰ অনুসৰি, ২ জুনত চীনৰ হুৱেই প্ৰান্তৰ বাসিন্দা হান জুনুই বিজনেছ ভিছা লৈ বাংলাদেশত উপস্থিত হৈছিল। কিন্তু সীমান্ত চেৰাই চীনা নাগৰিকজন ভাৰতত প্ৰৱেশ কৰাৰ অন্তৰালত কি ৰহস্য আছে তাক লৈ অনুসন্ধান আৰম্ভ কৰিছে মালদাহ আৰক্ষীয়ে।