কল্যাণ জুয়েলাৰছৰ #TrustIsEverything অভিযান

9213

কল্যাণ জুয়েলাৰছে কল্যাণৰ সকলো ব্ৰেণ্ড এম্বাছেডৰ অভিনীত এটা ডিজিটেল ছবিৰ সৈতে ইয়াৰ #TrustIsEverything অভিযানৰ ষষ্ঠ সংস্কৰণ আৰম্ভ কৰাৰ ঘোষণা কৰে। কল্যাণ জুয়েলাৰছৰ ট্ৰাষ্ট শৃংখলাটোৱে সমগ্ৰ দেশত বিবাহ উদযাপনৰ কাহিনীৰ জৰিয়তে ‘ভৰোছা’ৰ আৱেগ প্ৰদৰ্শন কৰে।৯০ ছেকেণ্ডৰ বহুভাষামূলক ছবিখনত বিশ্বব্যাপী আৰু আঞ্চলিক ব্ৰেণ্ড এম্বেছাডৰসকলক একত্ৰিত হোৱা দেখা গৈছে, তেওঁলোকৰ বিভিন্ন পৰিচয়, ভাষা, সংস্কৃতি আৰু পৰম্পৰা উদযাপন কৰিবলৈ, ‘ভৰোছা’ৰ আৱেগেৰে একেলগে।


বহু বছৰ ধৰি, ট্ৰাষ্ট এড শৃংখলাৰ জৰিয়তে, কল্যাণ জুয়েলাৰছে ট্ৰাষ্টক আলোকপাত কৰিছে – ব্ৰেণ্ডটোৱে ইয়াৰ ব্যৱসায়িক প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে উপভোক্তা কেন্দ্ৰিক উদ্যোগ আৰু বি আই এছ হল্ডমাৰ্টিং,৪-স্তৰৰ সামগ্ৰী প্ৰমাণপত্ৰ আদিৰ দৰে অগ্ৰণী কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰে।জয়া বচ্চনৰ ‘ভৰোছাৰাখ’ৰ পৰা অমিতাভ বচ্চনৰ গধুৰ কণ্ঠৰ ‘ভৰোছা হি সব কুচ হে’লৈ, ছবিখনে উত্তৰৰ পৰা দক্ষিণ আৰু পূবৰ পৰা পশ্চিমলৈ পৰিয়ালত শুভ বিবাহমুহুৰত দেখা পোৱা আৱেগৰ মাজেৰে আমাক লৈ যায়। বহু-অভিনীত #TrustIsEverything সীমিত কলাকুশলী আৰু কৰ্মচাৰীৰ সৈতে দৃশ্যগ্ৰহণ কৰা হৈছিল। কল্যাণৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাডৰ অমিতাভ বচ্চনে ডিজিটেলভাৱে ছচিয়েল মিডিয়াত ছবিখন মুকলি কৰিছিল।