“কভিড-১৯” ক্ৰিটিকেল কেয়াৰৰ বাবে স্বাস্থ্যজনিত পদক্ষেপ

103

মুম্বাই: টাটা ট্ৰাষ্ট আৰু টাটা গ্ৰুপে খ্ৰীষ্টান মেডিকেল কলেজৰ ( চি এম চি) ভেলোৰ আৰু কেয়াৰ ইনষ্টিটিউট অৱ হেলথ চায়েঞ্চ ( হায়দৰাবাদ) ৰ সৈতে সহযোগিতা স্থাপন কৰিছে। টাটা ট্ৰাষ্টে চতুৰ্থ বাৰৰ বাবে দেশখন কৰ’না মুক্ত কৰাৰ বাবে “কভিড-১৯” ৰ এই যুজঁ খনত পদক্ষেপ গ্ৰহণ কৰিছে। এই সম্পৰ্কে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই কয় ” “কভিড- ১৯’ ৰ যুজঁ খনত জয়ী হ’বলৈ নানা প্ৰত্যাহ্বানৰ মাজেৰে আমি আগবাঢ়িব লাগিব। চি এম ই ভেলৰে মাষ্টাৰ ট্ৰেইনাৰক নানা উন্নত প্ৰশিক্ষনেৰে সাজু কৰি তুলিছে। সেইদৰে চি আই এইছ এছ হাইদৰাবাদে প্ৰত্যক্ষ ভাৱে ক্ষুদ্ৰ গ্ৰুপ বোৰক প্ৰশিক্ষণ দিয়ে। তদুপৰি নিৰ্ধাৰিত কিছুমান হাস্পতালৰ বিশেষ কৰ্মচাৰীৰ বাবে ২২ ঘণ্টাই অনলাইন প্ৰশিক্ষণ অনুষ্ঠানৰ সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়াই আহিছে।”