কংগ্ৰেছৰ পৰা পদত্যাগ, ১ আগষ্টত বিজেপিত যোগ দিব সুশান্ত বৰগোঁহাইয়ে

97

গুৱাহাটীঃ আজি কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিব থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁইয়ে। উল্লেখ্য যে, ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ থাওৰা সমষ্টিৰ পৰা জয়লাভ কৰিছিল সুশান্ত বৰগোঁহাইয়ে। কিন্তু একালত হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত বিধায়কগৰাকীয়ে কংগ্ৰেছৰ দীঘলীয়া যাত্ৰাৰ অন্ত পেলাই বিজেপিমুখী হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইতিমধ্যে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰালৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে সুশান্ত বৰগোঁহাইয়ে। ১ আগষ্টত তেওঁ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি জানিব পৰা গৈছে। ইফালে থাওৰা সমষ্টিৰ বিধায়কগৰাকীৰ বিজেপি গমনে কংগ্ৰেছৰ ভেটি দুৰ্বল কৰিব বুলি একাংশই মন্তব্য কৰিলেও সুশান্তৰ বিজেপি গমনৰ সিদ্ধান্তৰ বাবে তীব্ৰ সমালোচনাৰো সন্মুখীন হবলগা হৈছে বিধায়কগৰাকী।