কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ TMCত যোগদান

112

কংগ্ৰেছ এৰি আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগ দিলে শিলচৰ সমষ্টিৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে। সোমবাৰে কলকাতাৰ কাইমাক ষ্ট্ৰীটস্থিত TMC ৰ কাৰ্যায়লত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জী আৰু সাংসদ ডেৰেক অ’ ব্ৰেইনৰ উপস্থিতিত যোগদান কৰে সুস্মিতা দেৱে।

ইফালে এই যোগদানৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে সুস্মিতা দেৱে। উল্লেখযোগ্য যে, বৰাক উপত্যাকাৰ কংগ্ৰেছৰ অন্যতম বলিষ্ঠ নেত্ৰী,সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ১৫ আগষ্টত দলৰ মূৰব্বী ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।